17
Dec
2017

ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াৰ চহৰৰ মাজমাজিয়াত দেওবাৰে দিনৰ ভাগত দুটাকৈ বেংকৰ শাখাত অগ্নিকাণ্ড সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হয়৷
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত বেংকৰ শাখা দুটাত অগ্নিকাণ্ড সংঘটিত হয়। ৰঙিয়া চহৰৰ এইচ ডি এফ চি শাখা আৰু ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ ৰঙিয়া শাখাত অগ্নিকাণ্ড সংঘটিত হয়।
মুহূৰ্ততে হুৱা-দুৱা লাগে ৰঙিয়া চহৰত। অগ্নি নিৰ্বাপক বাহিনী, বেংক কৰ্মচাৰীৰ লগতে নিৰাপত্তা বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।