বঢ়মপুৰঃ চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে নগাঁও জিলাত৷ একাংশ দল-সংগঠনে নগাঁও জিলাত ব্যাপক হাৰত চোৰাং কাঠৰ ব্যৱসায় অব্যাহত থকা বুলি অভিযোগ উত্থাপন কৰাৰ সময়তে যোৱা কেইবাটাও দিন ধৰি চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বন বিভাগে৷

কেইবাটাও অবৈধ কাঠ মিল জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে মূল্যৱান কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ নগাঁও জিলা বিন বিভাগে শুকুৰবাৰে পুনৰ অভিযান চলাই৷ নগাঁও সদৰ আঞ্চলিক বন বিষয়া নেপাল মণ্ডলৰ নিৰ্দেশত নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ এটা দলে তেলিয়া পহুকটাত অভিযান চলাই তেলিয়া পহুকটাৰ মিন্টু বৰা নামৰ ব্যক্তি জনৰ অবৈধ কাঠমিল জব্দ কৰিবলৈ সক্ষ্ষম হয়৷

বন বিভাগে জব্দ কৰা অবৈধ কাঠমিলটো বৰ্তমান নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ত ৰখা হৈছে৷