বঢ়মপুৰঃ উন্নয়মৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদীত বহা বিজেপি, অগপ আৰু বিপিএফৰ স্বৰূপ উদঙাইছে এখন প্ৰতিচ্ছবিয়ে৷ প্ৰতিচ্ছবি খন ওলোমাই থোৱা আছে এটা পথৰ মাজত৷ এই পথটো আছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিত৷ দুটা কাৰ্যকালৰ বাবে ৰাজ্য খনৰ মুখ্যমন্ত্ৰী হোৱা প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিত এনে প্ৰতিচ্ছবি দেখিলে চৰকাৰৰ প্ৰকৃত স্বৰূপটো ওলাই পৰে৷ ১৯৮৫ চনৰ ২৪ ডিচেম্বৰৰ পৰা ১৯৯০ চনৰ ২৭ নৱেম্বৰলৈ আৰু ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ ৰাজ্য শাসন কৰা অসম গণ পৰিষদ দলৰ মুখ্যমন্ত্ৰী আছিল মহন্ত৷

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বঢ়মপুৰৰ সমষ্টিৰ পৰা যোৱাৱ ২৫ বছৰে বিধায়ক হিচাপে জয়ী হৈ আহিছে৷
মহন্তৰ বঢ়মপুৰ সমষ্টিৰ দুৰ্গম এলেকাত বাট-পথ বুলিবলৈ একো নাই৷ বিশুদ্ধ খোনাপানী, চিকিৎসা সেৱা, শিক্ষাৰ কোনো ব্যৱস্থা নাই সমষ্টিটোৰ বিভিন্ন ঠাইত৷ ভয়াবহ আৰু দুখ লগা পৰিস্থিতিত আজিও জীয়াই আছে মানুহে৷ উপয়ুক্ত চিকিৎসা সেৱা, বিদ্যুৎ সেৱাৰ ব্যৱস্থা নোপোৱাৰ লগতে বাগিচা অঞ্চলত শ-শ পৰিয়ালে বছৰ বছৰ ধৰি বসবাস কৰি আহিছে যদিও জীয়াই থকাৰ ন্যুনতম সুবিধা পোৱা দেখা নাযায়৷

এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টিত বিদ্যুৎৰ পোহৰো দেখা নোপোৱাকৈ আছে শ-শ লোকে৷ এইবাৰ দেখা গৈছে বঢ়মপুৰৰ ৰাজপথত প্ৰকাণ্ড প্ৰকাণ্ড গাত৷ পথৰ মাজত গড়কাপ্তানী বিভাগে থিয় কৰাই থৈছে পথ বন্ধৰ ফলক৷ গাডী-মটৰৰ চলাচল কৰিব পৰাৰ অৱস্থা নাই বাবেই পথৰ মাজত থিয় কৰাই ৰাখিব লগা হৈছে পথ বন্ধৰ ফলক৷ এই গাতে বিপদ মাতি আনিব পাৰে বুলিয়ে এতিয়া পথ বন্ধৰ ফলত লগাব লগা হৈছে৷ প্ৰায় ১৫-২০ বছৰ ধৰি উন্নয়নৰ মুখ নেদেখিলে বঢ়মপুৰৰ ৰাইজে।

এইবাৰ মিত্ৰ জোঁটৰ চৰকাৰে বঢ়মপুৰৰ উন্নয়ণ কৰিব বুলি ৰাইজে আশা পুহি ৰাখিছিল৷ কিন্তু ৰাইজে বৰ্তমানলৈকে কোনো ধৰণৰ পৰিৱৰ্তনৰ মুখ নেদেখিলে সমষ্টিৰ ৰাইজে। বিগত ২০ বছৰে মেৰামতিৰ অভাৱত সমষ্টিৰ প্ৰায় সমূহ পথৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে। তাৰ মাজতে বামুনী-কন্দলী পথৰ মাজত দেখা গৈছে ডাঙৰ ডাঙৰ গাত। বঢ়মপুৰ সমষ্টিৰ অন্যতম পৰ্যটনস্থলী কন্দলীৰ বাদুলী খুৰুঙ আৰু চম্পাৱতী কুণ্ড সংযোগী পথত দেখা গৈছে পথ বন্ধৰ ফলক৷ কেইটা মান দিনৰ পিছতে চম্পা কুণ্ড আৰু বাদুলী খুৰুঙৰ মেলা আৰম্ভ হ’ব যদিও পথৰ অৱস্থাই বঢ়মপুৰৰ ৰাইজক লজ্জানত কৰিব৷