Texas Monthly
Texas Monthly

নগাঁওঃ ৰাজ্যত এগৰাকী শক্ৰি মন্ত্ৰী আছে নে নাই সেই কথা অসমৰ ৰাইজে পাহৰিয়ে পেলাইছে৷ যোৱাটো বাৰিষাৰ সময়ত তথা বানপানীৰ সময়ত প্ৰায় ৭৫ গৰাকী লোক বানৰ পানীত পৰি থকা বিদ্যুৎৰ তাৰ, জংঘলত পৰি থকা তাৰ লাগি মৃত্যু হৈছে৷ ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পিছতো গা নলৰিল বিভাগটোৰ৷ অসমৰ ৰাইজে পুণৰ বাৰিষা অহাৰ পূৰ্বে সমস্যা সমূহ সমাধান কৰিব বুলি ভাবিছিল৷

কিন্তু বিভাগটোৰ মন্ত্ৰীগৰাকীয়ে সমস্যা সমূহক এতিয়ালৈ গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত চৰাইবাহী বিদ্যুৎ উপ-সংমণ্ডলৰ অধিনৰ জাজৰি আৰু কহুঁৱাআটি ফিডাৰৰ বিদ্যুৎ গ্ৰাহকসকল বিদ্যুৎ সেৱে লাভ কৰাৰ নামত ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হৈ অহাৰ অভিোগ উত্থাপন হৈছে৷ অসম বিদ্যুৎ বিতৰণ কোম্পেনী লিমিটেড চমুকৈ এ পি ডি চি এলে ফিডাৰৰ বিদ্যুৎ গ্ৰাহকসকলক 'নিৰ্মল ইলেকট্ৰিকেল মিউজিয়াম' নামৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰৰ অধীনলৈ হস্তান্তৰ কৰাৰ পিছত গ্ৰাহকসকল নানা প্ৰকাৰৰ অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হৈছে বুলি অভিযোগ উত্থাপন হৈছে৷

বিশেষকৈ গ্ৰাহক সেৱা কেন্দ্ৰটোৰ কোনো কাৰ্যালয় নতুবা অভিযোগ কক্ষ স্থাপন নকৰা, অভিযোগ লওঁতা নিয়োগ নকৰা, বিদ্যুতৰ বিজুতি ঘটিলে চোৱা-চিতা নকৰা, নতুন বিদ্যুৎ সংযোগৰ আমানত ধন উপ-সংমণ্ডল কাৰ্যালয়ত জমা নকৰা, গ্ৰাহকক সততে দুৰ্ব্যৱহাৰ কৰা আদিৰ লগতে বিদ্যুৎ চুৰি কাৰ্যক উদ্গনি দি বক্ৰ পথেৰে বিদ্যুৎ চুৰি চক্ৰৰ পৰা ধন লৈ গ্ৰাহক সেৱা কেন্দ্ৰটোৰ দায়িত্বপ্ৰাপ্ত জনৈক 'পাল' উপাধিৰ লোকজনে চৰম দুৰ্নীতি-অনিয়মত লিপ্ত হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় শ-শ গ্ৰাহকে৷

কাজেই, ফিডাৰৰ দায়িত্বত থকা এই লোকজনৰ এনে চূড়ান্ত মইমতালিত অতিষ্ঠ হৈ পৰা গ্ৰাহকসকলে পুণৰ পোনপটীয়াকৈ চৰাইবাহী বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনলৈ নিবলৈ দাবী জনায়৷ হাৰাশাস্তিৰ সন্মুশীন হৈ অহা গ্ৰাহকসকলে সকলো অভিযোগ তথা দাবী সমূহ স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ জৰিয়তে অসম বিদ্যুৎ বিতৰণ কোম্পেনীৰ অধ্যক্ষলৈ ইতিমধ্যে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আৱেদন প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷ এতিয়া বিদ্যুৎ বিভাগে এইক্ষেত্ৰত কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব৷