31
Dec
2018

বিহালীঃ বৃহত্তৰ অসমীয়া জাতিৰ অংগ তথা অসমৰ অন্যতম শক্তিশালী জনগোষ্ঠী, চাহ জনগোষ্ঠীৰ অন্যতম জাতীয় সংগঠন সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ ‘আছাৰ’ বিহালী আঞ্চলিক সমিতিৰ অন্তৰ্গত এখন শাখা সমিতি সোমবাৰে বিহমাৰী জাৰনীত গঠন কৰা হয়।
বিহালী আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ তাঁতীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সভাৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক পৱন বাউৰীয়ে।
সভাৰ সৰ্বসন্মতি ক্ৰমে সহদেৱ ভূঞাক সভাপতি, বীৰেন ওৰাংক উপ-সভাপতি, শংকৰ বিৰ্জাক সম্পাদক, বিজয় খেৰোৱাক সহ:সম্পাদক, প্ৰদীপ তেলহানক শিক্ষা সম্পাদক আৰু স্বপ্না ভূঞাক সাংস্কৃতিক সম্পাদীকা হিচাপে লৈ এখন ৩১ জনীয়া শক্তিশালী শাখা সমিতি গঠন কৰে৷
আনহাতে, আছাৰ বিহালী আঞ্চলিক সভাপতি বিপুল তাঁতী আৰু সম্পাদক পৱন বাউৰী আৰু উপদেষ্টা আঘণো চৱৰকে আদি কৰি প্ৰায় অৰ্ধ শতাধিক ৰাইজ এই সভাত উপস্থিত থাকে ।