বিহালীঃ দিন হাজিৰা কৰিবলৈ ওলাই যোৱাৰ সময়তে ভাল খবৰটো পালে কাঠ মিস্ত্ৰীজনে। বিজ্ঞান শাখাত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা ছাত্ৰজনে পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবেই ফলাফল ঘোষণাৰ দিনটোতো হাতুৰি-বটালি লৈ ওলাই যাবলগীয়া হ'ল কামৰ সন্ধানত। 

কামৰ মাজতো পঢ়া-শুনা সঠিকভাবে আগবঢ়াই নিয়া বিহালীৰ এইজন ছাত্ৰই বিজ্ঞান শাখাত লাভ কৰে ৬৯.২ শতাংশ নম্বৰ। অসমীয়া আৰু ভূগোল বিষয়ত লেটাৰ নম্বৰ লাভ কৰা বিশ্বনাথ মহাবিদ্যালয়ৰ এই ছাত্ৰজন হৈছে আব্দুল মোতালিব।  

মেধাবী ছাত্ৰজনে দিন হাজিৰা কৰি পঢা শুনাৰ লগতে নামভৰ্তিৰ মাচুল আদি যোগাৰ কৰিব লগা হৈছে। পিতৃয়ে দিন হাজিৰা কৰি উপাৰ্জন কৰা টকাৰে পঢাৰ খৰচ বহন কৰিব নোৱাৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছে মেধাবী ছাত্ৰ জনে।

আজি ফলাফল ঘোষণা কৰাৰ দিনাও বিশ্বনাথ চাৰিআলিত মিস্ত্ৰী এজনৰ সৈতে হাজিৰা কৰিবলৈ গৈছে মেধাবী ছাত্ৰ জনে। দৰিদ্ৰতা যে মেধাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে তাৰ এক উজ্জ্বল নিদৰ্শন হিচাপে থিয় দিছে বাঘমাৰীৰ এইজন ছাত্ৰই।

মেধাবী ছাত্ৰজনক উষ্ম অভিনন্দন জ্ঞাপন কৰিছে আমছুৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক বাহাৰুল ইছলাম আৰু আমছুৰ কেন্দ্ৰীয় উপ সভাপতি ছাইফুদ্দিন আহমেদে।