নগাঁওঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো পথকে পৃথকে ব’হাগী উৎসৱৰ উদযাপন কৰা হৈছে৷ ঘাইকৈ গ্ৰাম্য অঞ্চলত মুকলি ঠাই নিৰ্বাচন কৰি নানা কাৰ্যসূচীৰে ব’হাগী উৎসৱ উদযাপন চলাই অহা দেখা গৈছে৷ অসমীয়াৰ হিয়াৰ আমঠু বাপতি সাহোন উৎসৱ এনেদৰে পালন কৰাত কোনো আপত্তি কিম্বা বাধা নাই যদিও নগাঁৱৰ গ্ৰামাঞ্চলৰ একাংশ ব’হাগী উৎসৱ উদযাপন সমিতিয়ে লক্ষণীয়ভাৱে চান্দা সংগ্ৰহৰ নামত পথচাৰীক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাত সচেতন লোকসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ ভাব বিয়পি পৰাৰ লগতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হৈছে৷

প্ৰধানকৈ গ্ৰামাঞ্চলত পথচাৰীক বাট আগচি ধৰি নানা প্ৰকাৰে জোৰ-জুলুমেৰে চান্দা আদায় কৰা কাৰ্য অবাধে সংঘটিত হৈ থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ মতে, গ্ৰাম্য অঞ্চলত গুৰুত্বপূৰ্ণ পথবোৰৰ ঠায়ে ঠায়ে যুৱক-যুৱতীৰ দলে বাট আগচি ধৰি নিবিঘ্নে বিভিন্ন যান-বাহনৰ আৰোহীৰ উপৰি কোনো কোনো ঠাইত খোজ কাঢ়ি যোৱা লোকৰ পৰাও ব’হাগী উৎসৱ অনুষ্ঠিত কৰাৰ নামত একোখনকৈ ৰছিদ প্ৰদানেৰে ধন সংগ্ৰহ কৰি আহিছে৷

লক্ষণীয় কথাটো হ’ল যে, যদিহে কোনো পথচাৰী বা যান-বাহনৰ আৰোহীয়ে দাবী কৰা ধন দিবলৈ অপাৰগতা প্ৰকাশ কৰে নতুবা আপত্তি দৰ্শায় তেন্তে তেওঁলোকে পথসমূহত খাপ পিটি থকা উদণ্ড প্ৰকৃতিৰ গুৰু-গোসাঁই নমনা যুৱক-যুৱতীসকলৰ পৰা কটু কথাহে শুনিবলগীয়া হয়৷ আনকি কোনো কোনো সময়ত দাবী কৰা ধন আদায় নিদিলে পথচাৰী আৰু যান-বাহনৰ আৰোহীক যাবলৈ নিদি পথতে বহু সময় আৱদ্ধ কৰি তীব্ৰ হাৰাশাস্তি কৰাৰ দৰে ঘটনাও সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ গতিকে ব’হাগী উৎসৱৰ অচিলা লৈ চান্দা সংগ্ৰহৰ নামত এনেদৰে চলোৱা দুষ্কাৰ্য প্ৰতিহত কৰিবৰ বাবে জিলা প্ৰশাসনৰ ওচৰত নগঞা সচেতন লোকসকলে দাবী জনাইছে৷