Photo Credit: NNO Azara

আজাৰাঃ এগৰাকী শিক্ষক শিল্পী৷ শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ এলাহ নকৰা শিক্ষকগৰাকীৰ হাতত প্ৰাণ পায় ফল-মূল, চৰাই-চিৰিকতিয়ে৷ স্কুলৰ পৰা ঘৰলৈ আহি পেলনীয়া সামগ্ৰীৰ সৈতে খেলি সৃষ্টি কৰে নানান সামগ্ৰী৷

কোৱা হয় শিক্ষকৰ উৎকৃষ্ট চিন্তা, বিচাৰধাৰা, দিকদৰ্শনে সমাজ খনক আগুৱাই যোৱাত যথেষ্ট সহয় কৰে৷ চিন্তা আৰু সৃষ্টিৰ সদাগৰ বুলিও কোৱা হয় শিক্ষকক৷ মানৱ সম্পদ গঢ়াৰ খনিকৰ শিক্ষকসকলে সৃষ্টিৰ তাড়নাত ব্যস্ত হৈ থকা দেখা যায়৷ 

এইবোৰৰ মাজতে এগৰাকী ব্যতিক্ৰম শিক্ষক৷ যাৰ হাতত প্ৰাণ পায় পেলেনীয়া সামগ্ৰীয়ে৷ কামৰূপ গ্ৰাম্য জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী চানডুবিৰ লোহাৰঘাটৰ ব্যতিক্ৰম শিক্ষকগৰাকীয়ে নিৰ্মাণ কৰে চৰাই, চিৰিকতি, ফল-মূল৷

নৱাগাঁও গড়াখহনীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয় চন্দ্ৰ দাসে এই কামৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰি শিক্ষক সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে। নিজৰ কৰ্ম-দক্ষতাৰে পেলনীয়া সামগ্ৰীৰে তেও নিৰ্মাণ কৰা বহুতো আকৰ্ষণীয় ফল-মূল, পাচলি, খেতিয়কে ব্যৱহাৰ কৰা সা-সঁজুলিৰ লগতে চৰাই-চিৰিকতি চাবলৈ শিক্ষগৰাকীৰ ঘৰত ভিৰ কৰে বহু লোকে।

কেৱল এয়াই নহয়, এই শিক্ষকগৰাকীয়ে বহু বিশিষ্ট ব্যক্তিৰ ফটোসহ কৰ্মজীৱনৰ তথ্য সংগ্ৰহ কৰি নিজ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক জ্ঞানদান কৰি আহিছে৷

বিজয় চন্দ্ৰ দাসে পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰি সমাদৰো লাভ কৰিছে। শিক্ষকতাৰ লগতে আজৰি সময়খিনি পেলনীয়া সামগ্ৰীৰে খেলি সময় পাৰ কৰে দাসে। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে এই কৰ্মৰ বাবে শিক্ষকগৰাকীক সম্বৰ্ধনাও জনাইছে।

নিজ পৰিয়ালৰ সহায়ত সাজি উলিওৱা সামগ্ৰী সমূহ বহু লোকে ড্ৰয়িং ৰুমত সজাবলৈ লৈ যায় বুলি কয় শিক্ষকগৰাকীয়ে৷ ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইজনমান শিক্ষকক খতিয়ান লোৱাৰ নামত অপ্ৰয়োজনীয় কথা সুধি অপমান কৰা বুলি প্ৰতিক্ৰিয়াই দেখা দিয়াৰ মাজতে এনেদৰে নিজ কৰ্ম প্ৰতিভাৰে উজলি উঠিছে গ্ৰাম্য অঞ্চলৰ বিজয় চন্দ্ৰ দাসৰ দৰে এগৰাকী ব্যতিক্ৰমী শিক্ষক৷