
বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা নায়েৰ আলগাৰ গৌৰাং ঘাটক লৈ পূৰ্বৰেপৰা চলি আহিছিল এক ডাঙৰ প্ৰশ্ন। কিন্তু বুধবাৰে নায়েৰ আলগা উন্নয়ন খণ্ডৰ আঞ্চলিক সভানেত্রীয়ে ফাদিল কৰিলে এই ৰহস্যৰ।
জানিব পৰা মতে উক্ত ঠাইখনত কোনো ফেৰী চলাচল কৰা নাছিল, আনকি ফেৰী ঘাট বুলিও নামাকৰণ কৰা নাছিল। আজি নায়েৰ আলগা উন্নয়ন খণ্ডৰ আঞ্চলিক সভানেত্রী হাচিনা খাতুনৰ সহযোগত আৰু এলেকাটোৰ জ্যেষ্ঠ ব্যক্তি বৰ্গৰ তত্বাৱধানত আচল কথাটো উলিয়াবলৈ সক্ষম হয়।
ইফালে, উক্ত গৌৰাং ঘাটৰ বাঁহৰ সাঁকোৰ ওপৰেদি খোঁচকাৰী পাৰা পাৰ হওতে নায়েৰ আলগা বৃদ্ধ লোক এজনে সাঁকোৰপৰা বাগৰি পৰি গুৰুতৰ ভাৱে আহত হয়। স্থানীয় ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে আহত ব্যক্তি গৰাকীক লগে লগে ১০৮ গাড়ী খবৰ দি বিলাসীপাৰা চিকিৎসালয় লৈ যায়।
আহত ব্যক্তি গৰাকীক এন আৰ চি হেয়াৰিঙলৈ যাবলৈ এই দলঙৰ ওপৰেদি পাৰ হৈছিল৷ তেনেস্থলত এনে ঘটনা সংঘটিত হয়৷ এই খন বাঁহৰ দলঙেৰে পাৰ হওঁতে বহুতো পথচাৰী মৃত্যু মূখত পৰা বহুতো নজিৰ আছে। অচিৰেই গৌৰাং নৈত এখন পকী দলঙৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰক দাবী জনাই স্থানীয় ৰাইজে৷