newsnextone.com| ধুবুৰীঃ ধুবুৰী জিলাৰ বিলাসীপাৰা প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত ১৫ চেপ্তেম্বৰ দুপৰীয়া ১ মান বজাত নায়েৰ আলগা ব্লক কংগ্ৰেছৰ উদ্যোগত বুথ পৰ্য্যায়ৰ কৰ্মী সভা অনুষ্ঠিত হৈ যায়। নায়েৰ আলগা ব্লক কংগ্ৰেছৰ সভাপতি তয়জল হক মণ্ডলৰ সভাপতিত্ব সভাত অসম প্ৰদেশ কংগ্ৰেছৰ অন্যতম সাধাৰণ সম্পাদক তথা ধুবুৰী জিলাৰ তত্ৱাৱধায়ক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য মূখ্য অতিথি হিচাবে উপস্থিত থাকি বুথ পৰ্য্যায় সম্পৰ্কে ভাষণ প্ৰদান কৰে। তেওঁ কয় যে বিলাসীপাৰা পশ্চিম সমষ্টিৰ কংগ্ৰেছ দলৰ মাজত দীৰ্ঘ দিনীয়া সমস্যা একত্রীকৰণৰ সংকল্প হিচাবে নায়েৰ আলগা বিভিন্ন গাৱে ভূৱে প্ৰতিজন ভোটাৰে ঘৰে ঘৰে গৈ ভোট আদায় কৰি কংগ্ৰেছৰ বিধায়ক নিৰ্বাচিত কৰিব বুলি সভাত উপস্থিত থকা তৃণমূল কংগ্ৰেছ কৰ্মী তথা ৰাইজক অৱগত কৰে। 

সভাত বিশিষ্ট অতিথি হিচাপে ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰে উপস্থিত থাকি বিলাসীপাৰা পশ্চিম সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছৰ হৈ কাম নকৰিলে কংগ্ৰেছ কৰ্মী সকলৰ বিৰুদ্ধে অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি মত ব্যক্ত কৰে। এইখন সভাত প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা উপস্থিত থাকিব লাগিছিল। কংগ্ৰেছত আলী আকবৰ মিঞাৰ প্ৰয়োজন আছে। কিয়নো যোৱা বিধান সভা নিৰ্বাচনত প্ৰাক্তন বিধায়ক গৰাকীয়ে নিৰ্দলীয় হিচাপে প্ৰতিদণ্ডীতা কৰাত তেওঁক কংগ্ৰেছ দলৰ পৰা নিলম্বিত কৰিছিল যদিও অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা দেৱে মিঞাক পুনৰ কংগ্ৰেছ দলত আকোঁৱালি লৈছে বুলি জিলা সভাপতি উত্তম সৰকাৰে সভাত উপস্থিত থকা কংগ্ৰেছ কৰ্মী সকলক জানিবলৈ দিয়ে। মিঞা বৰ্তমান কংগ্ৰেছ দলৰ প্ৰকৃত নেতা।

জিলা সভাপতি গৰাকীয়ে বিলাসীপাৰা পশ্চিম সমষ্টিৰ কংগ্ৰেছ কৰ্মী সকলক মিঞাৰ লগত একে লগে কংগ্ৰেছ দলৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায়। আনহাতে কালি বুথ পৰ্য্যায়ৰ কৰ্মী সভাখনত গুটিপাৰা গাঁৱ পঞ্চায়তৰ তৃণমূল কৰ্মী আব্দুল মজিদ খানক বুথ সম্পৰ্কে সভাৰ সভাপতিয়ে ভাষণ দিবলৈ অনুমতি দিয়ে যদিও মজিদ খানে মনে আৱেগে বিলাসীপাৰা পশ্চিম সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ বিগত দিনৰ নিৰ্বাচনত কৰি অহা কাৰ্য্যকলাপ সম্পৰ্কে ক’বলৈ ধৰাত ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰে বাধা প্ৰদান কৰি সভা কক্ষৰ পৰা নমাই দিয়ে। মজিদ খানক এনে কাৰ্য্য কৰাত কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে উত্তেজিত হৈ  হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। পাছত তৃণমূল কৰ্মী সকলক বুজা পৰাই নিয়ন্ত্রণ কৰে জিলা সভাপতি গৰাকীয়ে। সভাত নেতা কৰ্মীকে ধৰি চাৰি শতাধিক কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ লগতে ৰাইজে উপস্থিত থাকে।