newsnextoneবিলাসীপাৰা,৮ অক্টোবৰঃ শাৰদীয় দূৰ্গা পূজালৈ মাজত কেইটামান দিন বাকী।ধৰালৈ আগমন ঘটিব শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দূৰ্গাৰ । আজি মহালয়া। মহালয়াৰ প্ৰাকক্ষনত বিলাসীপাৰা চহৰত এতিয়া উখল মাখল পৰিবেশ।দেবী বন্দনাৰে মুখৰিত হ'ল বিলাসীপাৰাৰ আকাশ বতাহ।
মহালয়া উপলক্ষে সোমবাৰে সন্ধিয়া বিলাসীপাৰা চহৰত উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা। বিভিন্ন ধৰ্মীয় গীত মাতেৰে দূৰ্গাৰূপী মানৱ প্ৰতিমাৰে শোভাযাত্ৰা উলিওৱা হয় অঞ্চলটোত।বিলাসীপাৰাৰ সামাজিক আৰু সাংস্কৃতিক সংস্থা ''চেতনা''ৰ উদ্যোগত উলিওৱা এই শোভাযাত্ৰাত কণ কণ শিশুৰ পৰা বয়োজেষ্ট জনলৈ সকলোৱে অংশগ্ৰহণ কৰে।মুঠৰ ওপৰত মহালয়াৰ প্ৰাকক্ষনত বিলাসীপাৰাত বিৰাজ কৰিছে উৎসৱ মুখৰ পৰিবেশ।
বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম
09
Oct