
বিলাসীপাৰাঃ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত গাঁও পঞ্চায়ত নিৰ্বাচনত এ আই ইউ ডি এফৰপৰা ছহিদুল ইছলাম আহমেদে মুঠ ৩৭৫৫ ভোটত জয় লাভ কৰি বিজয় সাব্যস্ত কৰিছিল।
জানিব পৰা মতে ছহিদুল ইছলাম আহমেদ এজন সমাজকৰ্মী হিচাপে লক্ষীগঞ্জ ৰাজ্যিক চিকিৎসালয়ৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমান লক্ষীগঞ্জ ব্ৰাইট ক্লাবৰ সম্পাদক হিচাপে সেৱা আগবঢ়াই আহিছে। ২০০৪ চনত ফকিৰাগ্ৰাম জগানন্দ মহাবিদ্যালয়ৰপৰা স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰি সমাজত বিভিন্ন কামত সহায় সহযোগিতা কৰি আহিছে।
শুকুৰবাৰে ৰাণীগঞ্জ উন্নয়ন খণ্ডৰ নৱ-নির্বাচিত সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে।