
বিলাসীপাৰাঃ অস্তিত্ব ৰক্ষাৰ যুঁজত আজি বিয়লি ২ বজাত কোকৰাঝাৰ জিলাৰ শিলবাৰী গাঁওলীয়াপথত কোকৰাঝাৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিসহ চাৰিটা সংগঠনে।
হিন্দু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে কোকৰাঝাৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিসহ চাৰিটা সংগঠনে। শিলবাৰী লতা গাঁও তিনিআলিত কোকৰাঝাৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিসহ চাৰিটা সংগঠনে দাহ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা।
এই জুই জ্বলিছে জ্বলিবই জ্বলিব, নৰেন্দ্ৰ মোডী গ’ বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল কৰিব লাগিব আদি শ্লোগানেৰে শিলবাৰী অঞ্চল কঁপাই তোলে। অচিৰেই জাতিধ্বংসী বিধেয়ক বাতিল নকৰিলে আন্দোলন চলাই যাব বুলি হুংকাৰ দিয়ে সংগঠনকেইটাই।
উক্ত কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি, নাৰী মুক্তি আৰু এ বি এমছু কে ধৰি ডেৰ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে।