বিহালীঃ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ ASSPৰ বৃহত্তৰ দক্ষিণ চতিয়া আঞ্চলিক সমিতি গঠনাৰ্থে বৃহস্পতিবাৰে কলাকাটি প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয় এক ৰাজহুৱা সাধাৰণ সভা। সভাত সভাপতিত্বত কৰে পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি আব্দুল হাকিম চিকদাৰে। 

উক্ত সভাত পৰিষদৰ প্ৰয়াত জিলা সম্পাদক আমিৰুল ইছলামৰ আত্মাৰ চিৰশান্তি আৰু ছহিদ সকলক স্মৰণ কৰি ধৰ্মীয় প্ৰাৰ্থনাৰ লগতে কোৰান পাঠ কৰা হয়। সাম্প্ৰতিক সময়ত সংখ্যালঘু মুছলমান লোকসকলৰ সামগ্ৰিক অৱস্থা, আৰ্থ-সামাজিক তথা ৰাজনৈতিক দিশৰ লগতে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাংবিধানিক নীতি নিৰ্দেশনা আৰু জাতীয় চেতনাবোধৰ ওপৰত সংগঠনটোৰ বহুকেইজন নেতাই বক্তব্য আগবঢ়ায়। 

পৰিষদৰ উপসভাপতি আব্দুল মোনাফ চৌধুৰী, বিশ্বনাথ জিলা সমিতিৰ সভাপতি আব্দুল হাকিম চিকদাৰ, কাৰ্যকৰী সভাপতি দিলোৱাৰ হুছেইন, উপ-সভাপতি ৰবিউল হাছান, সাধাৰণ সম্পাদক নাজিৰ আহমেদ, বাহাজুদ্দিন জাকাৰীয়া, মুখ্য সাংগঠনিক সম্পাদক জমিল হককে ধৰি জিলা পৰ্যায়ৰ বিভিন্নজন নেতাৰ উপস্থিতিত বৃহত্তৰ দক্ষিণ চতিয়া অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আৰু শিক্ষিত যুৱক সকলক লৈ আঞ্চলিক সমিতি গঠন কৰা হয়। 
সভাৰ সৰ্বসন্মতি ক্ৰমে আকবৰ আলীক সভাপতি, আলি আহমেদক কাৰ্যকৰী সভাপতি, মইনাল হক আৰু দিলোৱাৰ হুছেইনক যুটিয়া সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া সমিতি গঠন কৰা হয়৷