
newsnextone.com | বিলাসীপাৰাঃ যোৱা ৩০ ঘণ্টাৰ ভিতৰত উজনি অসমত দুখনকৈ যাত্ৰীবাহী ৰেলৰ টয়লেটত দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এনে ঘটনা সংঘটিত হোৱাত অসমৰ মহিলাৰ সুৰক্ষাক লৈ বৃহৎ প্ৰশ্ন উত্থাপন হৈছে৷
যোৱা ৩০ ঘণ্টাত ৰঙিয়া-কামাখ্যা এক্সপ্ৰেছৰ পৰা যোৰহাট কৃষি মহাবিদ্যালয়ৰ মেধাৱী ছাত্রী ৰাধা কুমাৰী প্ৰসাদৰ লগতে অবধ আসাম এক্সপ্ৰেছত বুধবাৰে দিনৰ ২ বাজি ৩০ মিনিটত ডিব্ৰুগড়ৰ লালীমা দেৱীৰ মৃতদেহ উদ্ধাৰ হয়৷ দুয়োগৰাকী মহিলাৰ মৃতদেহ দুয়োখন যাত্ৰীবাহী ৰেলৰ টয়লেটৰ পৰা উদ্ধাৰ হয়৷
ৰাজ্যত এতিয়া মহিলা কিমান সুৰক্ষিত তাকলৈ চৌদিশে উত্থাপন হৈছে প্ৰশ্ন৷ ৰাজ্যৰ নাৰীক সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা মিত্ৰজোঁটৰ তিনিওটা দল অগপ, বিপিএফ আৰু বিজেপিৰ বিৰুদ্ধে নাৰীক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি ধুবুৰী জিলাৰ বিলাসীপাৰাত ধুবুৰী জিলা এন এছ ইউ আয়ে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ প্ৰতি মূৰ্তি দাহ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে।
সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমৰ নাৰীক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি এনএছইউআয়ে ৰেল মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰক ধিক্কাৰ দিয়ে৷ বিজেপি চৰকাৰে বেটি পঢ়াও বেটি বচাও শ্ল’গান দি শাসনৰ গাদী দখল কৰা বুলি কংগ্ৰেছৰ ভাতৃ সংগঠন এনএছইউআয়ে বিজেপিক উভতি ধৰি অসমৰ মহিলাক সুৰক্ষিত কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰে৷
বিজেপি চৰকাৰৰ দিনত নাৰী নিৰাপত্তাহীনতাত ভোগা বুলি কৈ মেধাৱী ছাত্রী আৰু মহিলাৰ হত্যাকাৰীক শীঘ্ৰে আটক কৰিবলৈ দাবী জনোৱাৰ লগতে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ পদত্যাগৰ দাবী জনায়। এন এছ ইউ আয়ে নাৰীক সুক্ষিত কৰাৰ দাবী জনাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ধুবুৰীৰ পৰা শদিয়ালৈ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে৷