নলবাৰীঃ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত  বিল্বেশ্বৰ আৰু দুৰ্গা পূজাৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে৷ মহানৱমীৰ দিনটোত অতীজৰে পৰা ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা দুৰ্গা দেৱীৰ ভক্তই ভিৰ কৰে  বিল্বেশ্বৰ৷ নলবাৰী জিলাৰ বেলশৰৰ ইতিহাপ্ৰসিদ্ধ শক্তিপীঠ বিল্বেশ্বৰত ২১ ছেপ্টেম্বৰৰ পৰা ১০ দিনীয়াকৈ দূৰ্গা পূজা অনুষ্ঠিত হয়৷ দহ দিনৰ পূজাৰ ভিতৰত মহানৱমীৰ দিনটোক বিশেষ ভাবে লয় ভক্তসকলে৷

শুকুৰবাৰে নেৰানেপেৰা বৰষুণকো নেওচি হাজাৰ হাজাৰ লোক ওলাই আহে দেৱী দুৰ্গাক সেৱা কৰিবলৈ৷ প্ৰতিপদ তিথিৰ দুৰ্গা পূজা আৰম্ভ হোৱা ৰাজ্যৰ একমাত্ৰ শক্তিপীঠৰূপে বিল্বেশ্বৰ৷ দেৱালয়ত হিন্দু-মুছলমানে ভক্তি ভাবেৰে ওলাই আহে৷ দেৱালয়ত ৫০ টা ম'হ বলি দিয়াৰ লগতে ছাগলী, হাঁহ, পাৰ চৰাই আদি বলি দিয়া হয়৷ দেৱালয়ৰ নিয়ম অনুসাৰি বলিৰ দাতা সকলৰ নাম প্ৰকাশ কৰিব বিচৰা নাই সমিতিয়ে৷

ইফালে ম'হ বলিৰ তালিকাত ৰাজ্যৰ উচ্চ পদস্থ দুজন প্ৰাশসনিক বিষয়া থকা বুলিও জানিব পৰা গৈছে ৷ সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে হোমাগ্নিৰ সুবাসেৰে আৰু ব্ৰাহ্মণৰ মন্ত্ৰধ্বনিৰে নলবাৰী বেলশৰ বিল্বেশ্বৰ পূজাৰ দেৱীদুৰ্গাৰ পূজা-অৰ্চনা হৈছে যদিও পুৱাৰ পৰাই বৰষুণ দি থকাৰ পিছতো ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে৷