
গুৱাহাটীঃ অসমীয়াৰ হিয়াৰ আমঠু, জাতিৰ আৱেগ সুধাকন্ঠ ভুপেন হাজৰিকাক আজি ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ স্মৰণ কৰে৷ ভুপেন হাজৰিকাৰ জন্মদিন ৰাজ্যৰ প্ৰতিটো দল-সংগঠন তথা ৰাজ্য চৰকাৰে ধুম-ধামেৰে পালন কৰা দেখা যায়৷ ৰাজ্যৰ বাহিৰত কলিকতাতো বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ জন্মদিনটোত সোঁৱৰণ কৰে৷
তেজপুৰত বিভিন্ন দল সংগঠনে কেন্দ্ৰীয় ভাবে উলাহ মালহেৰে ভুপেন হাজৰিকাৰ জন্মদিন পালন কৰাৰ লগতে বৰাক উপাত্যকাৰ কৰিমগঞ্জত অসম সাহিত্য সভাই বৰাক ব্ৰহ্মপুত্ৰ সমন্বয় অনুষ্ঠান নামেৰে ভুপেন হাজৰিকাৰ জন্মদিন পালন কৰি শিল্পীগৰাকীক স্মৰণ কৰে৷কামৰূপৰ নগৰবেৰাতো পালন কৰা হয় সুধাকন্ঠৰ জন্মদিন।
আনহাতে মঙলদৈত স্থানীয় বিধায়ক গুৰুজ্যোতি দাসে মঙলদৈ চহৰত এট প্ৰতিমূৰ্ত্তী উন্মোচন কৰে৷ ১৯২৬ চনৰ ৮ চেপ্তেম্বৰত জন্ম গ্ৰহণ কৰিছিল সুধাকন্ঠ ভুপেন হাজৰিকাই৷ একেৰাহে গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল হাজৰিকা।
এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ অধ্যাপক, বোলছবি পৰিচালক আৰু আলোচনীৰ সম্পাদক হিচাপেও খ্যাতি লাভ কৰিছিল। অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো খ্যাতি আছিল৷ বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা ড০ ভূপেন হাজৰিকাক বিশ্ব-নাগৰিক তথা মানৱতাবাদী শিল্পী বুলি জনা যায়। অসমীয়া, বাংলা, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত সংগীত লিখি, ৰচনা কৰি কণ্ঠদানো কৰিছিল।
প্ৰকৃতি, সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি, অন্যায়, অবিচাৰ, দুৰ্যোগ আদি গীতৰ মাধ্যমেৰে প্ৰতিফলন কৰিছিল৷ বিশেষকৈ অসমৰ কলা-সংস্কৃতি বিশ্ব দৰবাৰলৈ নিবলৈ অহোপুৰুষাৰ্থ কৰিছিল সুধাকন্ঠই৷ নেশ্যনেল ফিল্ম ডেভেলপমেন্ট কৰ্প'ৰেশ্যন, এক্জিকিউটিভ কাউন্সীলৰ মেম্বাৰ, চিল্ড্ৰেন্স ফিল্ম চ'চাইটী আদি অনুষ্ঠান-প্ৰতিষ্ঠানত বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল৷
২০০১ চনত পদ্মভূষণ, ২০০১ চনত মধ্যপ্ৰদেশ চৰকাৰৰ পৰা লতা মংগেশকাৰ বঁটা, ২০০৮ চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যচাৰ্য সন্মান, ২০০৯ অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা, ২০১২ চনত মৰোণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰে লগতে বহু বঁটা তথা সন্মান লাভ কৰে৷
জন্মদিৱসৰ লগত সংগতি ৰাখি আজি মহানগৰীৰ জালুকবাৰীস্থিত ড০ ভুপেন হাজৰিকা সমাধিস্থলত ৰাজ্য চৰকাৰে চৰকাৰী ভাবে ভুপেন হাজৰিকাৰ জন্ম দিন পালন কৰে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুৱাৰ ভাগতে সমাধিস্থলত উপস্থিত হৈ ভুপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে৷