
বিহালীঃ আজি বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত ‘বিশ্ব স্বচ্চতা দিৱস’ উপলক্ষে বিহালীৰ মধ্য টেলেঙনীয়া, ৰাংছালী দলনি, জালুকবাৰী অঞ্চলত এক ৰেলী কাৰ্যসূচী ৰূপায়ন হয়৷
এই ৰেলী কাৰ্যসূচীৰ শুভাৰম্ভনী কৰে ‘আশা’ৰ পৰিদৰ্শক নৱনীতা বৰাই৷ এই স্বচ্ছতা দিৱসত বিহালী প্ৰাথমিক স্বাস্থ্য বিষয়া ড০ যোগেন চন্দ্ৰ বে’ও উপস্থিত থাকে৷
আনহাতে, বিশ্ব স্বচ্ছতাৰ দিৱসৰ স’তে সংগতি ৰাখি আয়োজক সকলে টেলেঙনীয়া গাঁৱৰ জালুকবাৰী প্ৰাথমিক বিদ্যালয়ত কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে৷