
newsnextone.com। বিহালীঃ দেশৰ স্বাধীনতা সংগ্ৰামৰ বৰেণ্য ব্যক্তি জাতিৰ পিতা মহাত্মা গান্ধীয়ে গোটেই জীৱন সকলো ধৰ্মৰ প্ৰতি সমান দৃষ্টি নিক্ষেপ কৰি ভাতৃত্ববোধ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। নিজে হিন্দু ধৰ্মাৱলম্বী হৈও আন ধৰ্মৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি উদাৰ মানৱতাবাদৰ পৰিচয় দি সত্য আৰু অহিংসাৰে জগত জিনিছিল।
মঙলবাৰে বিশ্বনাথ জিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ সৌজন্যত আৰু বিশ্বনাথ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা গান্ধী জয়ন্তী কাৰ্যসূচীত বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলিপ বৰুৱাই বক্তব্য ৰাখি কয়, বৰ্তমান বি জে পি দলে গান্ধীক প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা নাই আৰু চৰকাৰে বহু কাৰ্যসূচী আৰু আঁচনিত গান্ধীক জড়িত কৰি তেখেতক সন্মান দেখুৱাবলৈ যত্ন কৰিছে যদিও তেখেতৰ আদৰ্শক পদে পদে হত্যা কৰি আছে।
আনহাতে সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ব্ৰজেন সন্দিকৈ উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে, যি জন মহাত্মা গান্ধীয়ে গোটেই জীৱন ধৰ্মনিৰপেক্ষ আদৰ্শৰে পৰিচালিত হৈ শেষত উগ্ৰ হিন্দুত্ববাদী চিন্তাধাৰাৰ বলি হৈ মৃত্যু বৰণ কৰিলে। তেওঁক হত্যা কৰা নাথুৰাম গডছে আছিল এজন বি জে পি দলৰ ভাতৃ সংগঠন আৰ এছ এছৰ এজন সক্ৰিয় কৰ্মী। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি বিশ্বনাথ জিলা কংগ্ৰেছে সৰ্ব ধৰ্ম প্রার্থনা সভা অনুষ্ঠিত কৰে।সভাত কোৰান পাঠ কৰে মৌলানা আব্দুলে,নামঘোষা পাঠ কৰে ধৰ্মেশ্বৰ চমুৱাদেবে আৰু বাইবেল পাঠ কৰে প্ৰদীপ মহলীয়াদেবে।
গান্ধী জয়ন্তীৰ লগত সম্পর্ক অভিযান আৰু শক্তি নামেৰে আন এক কাৰ্যসূচী আৰম্ভ কৰে বুলি বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই সভাত বক্তব্য প্ৰদান কৰে। সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্রেমলাল গঞ্জু, অসম প্ৰদেশ কংগ্ৰেছৰ সংগঠক প্ৰবিত্ৰ শইকীয়া, বিশ্বনাথ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু মুখপাত্ৰ তুষাৰ বৰা, বিশ্বনাথ জিলাৰ সংগঠক পৰান চলিহা ,বিশ্বনাথ জিলা মহিলা কংগ্ৰেছৰ সভাপতি আৰু সম্পাদক সৰস্বতী ৰাজবংশী আৰু বিদ্যা ওজা, বিশ্বনাথ জিলা কংগ্ৰেছৰ উপ সভাপতি নৃত্য নাৰ্জাৰী আৰু তিনিওটা বিধানসভা সমষ্টিৰ পৰা অহা ব্লক সভাপতি সকলৰ লগতে মহিলা আৰু যুৱ কংগ্ৰেছৰ বিষয়ববীয়া সকলে যোগদান কৰি গান্ধী জয়ন্তীৰ কাৰ্যসূচী সফল কৰি তোলে।
ইফালে যুৱ কংগ্ৰেছৰ বিহালী সমষ্টি সমিতিৰ উদ্যোগত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি বালিপুখুৰী স্থিত বিকলাংগ কেন্দ্ৰত ফল-মূল বিতৰণেৰে গান্ধী জয়ন্তী উদযাপন কৰা হয় । অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ সমষ্টি যুৱ কংগ্ৰেছৰ উপ সভাপতি মনোজ গৌতম, বিহালী সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি দ্বীপজ্যোতি বৰা , ইনামুল হুছেইন, অজিত বিভাৰকে আদি কৰি বহুতো কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।