
newnextone.com| বিশ্বনাথঃ বিশ্বনাথ জিলাৰ ৰাজপথত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। ৰাফেল যুঁজাৰু বিমান ক্ৰয় কেলেংকাৰী, অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত স্মাৰক পত্ৰ প্ৰদান কৰে বিশ্বনাথ জিলাৰ উপায়ুক্তক। কাৰ্যসূচীত অংশগ্ৰহন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বাৰা সংঘটিত হোৱা ৰাফেল যুঁজাৰু বিমান ক্ৰয় বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে তথা অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বিশ্বনাথ জিলা কংগ্ৰেছে। পোনতে প্ৰায় ১ সহস্ৰাধিক লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে কংগ্ৰেছৰ বিশ্বনাথ জিলা কাৰ্যালয়ৰ পৰা পদযাত্ৰা কৰি বিশ্বনাথ জিলাৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।
প্ৰতিবাদী সমদলৰ সময়ত বিজেপি চৰকাৰ হায়! হায়, অচ্ছে দিনৰ সপোন দেখুওৱা মোদী চৰকাৰ হুছিয়াৰ, ৰাফেল বিমান কেলেংকাৰীৰ তদন্ত লাগে, পেট্ৰ'ল-ডিজেলকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি হ্ৰাস কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পদযাত্ৰাৰ শেষত বিশ্বনাথ জিলাৰ উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।