খেৰণিঃ কংগ্ৰেছ দল এৰি বিজেপিলৈ অহা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে এইবাৰ কথা নকয়৷ কথা নোকোৱাকৈ কাম কৰি হে পৰিচয় দিব৷ কংগ্ৰেছত থকাৰ কালৰ পৰাই পৰিষদখনৰ মুখ্য কাৰ্যবাহী পদত বহি থকা ৰংহাঙে পূৰ্বে কথা কৈ সময় পাৰ কৰিছিল যদিও এইবাৰ কথা নকৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷

কংগ্ৰেছত থকা কালত ব্যাপক দুৰ্নীতিৰ সংঘটিত কৰা বুলি অভিযোগ থকা কাৰ্বি নেতাগৰাকীয়ে দ্বাদশ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলত যোগদান কৰে৷ বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি কাৰ্বি পৰিষদ নিজৰ দখললৈ অনাৰ লগতে তুলিৰাম ৰংহাঙে পুনৰ মুখ্য কাৰ্যবাহী পদটো লাভ কৰে৷  

২৪ খনকৈ আখন দখল কৰাৰ পাছত বিজেপিয়ে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ তিনিমাহ পাৰ হোৱাৰ পাছতো সমষ্টিয়ে সমষ্টিয়ে আজিও বিজয় উৎসৱ পালন কৰি আহিছে দলটোৱে৷ ৰাজ্যখন বানৰ কবলত পৰি ককবকাই থকাৰ সময়তে বিজেপিয়ে পাহাৰীয়া জিলাখনত বিজয় উৎসৱ পতাত ব্যস্ত হৈ পৰিছে৷

হাজাৰ হাজাৰ লোকে এটুপি খোৱাপানী, এসাজ ভাত, বস্ত্ৰৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে ৰাজ্য-কেন্দ্ৰ আৰু পৰিষদখন শাসন কৰি থকা দলটোৱে বিজয় উৎসৱ পতাত ব্যস্ত হৈ পৰে৷ আজি পৰিষদীয় আমৰেং সমষ্টিৰ জেৰিকিন্দেঙত বিজেপিৰ বিজয় উৎসৱ আয়োজন কৰা পৰিলক্ষিত হয়৷

বিজয় উৎসৱৰ সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’ উপস্থিত হোৱাৰ লগতে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে স্থানীয় জেৰিকিন্দেং পৰিষদীয় সমষ্টিৰ সদস্যা ৰীণা টেৰাংপি, মংগলছিং তিমুং, পৱন ৰয়, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ মহিলা সভানেত্ৰী মনমি টেৰনপি, উপ-সভানেত্ৰী কিৰন থাপা, সাধাৰণ সম্পাদিকা ৰজলিন টিছপি সভাত উপস্থিত থাকে৷

সভাত সহস্ৰাধিক ৰাইজক উদ্দেশ্যি দিয়া ভাষণত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কথাৰে নহয়, কামেৰেহে মই দিম মোৰ পৰিচয় বুলি কয়৷ এটা বৰ্ষৰ ভিতৰতে বাট-পথ আৰু শিক্ষাৰ সমস্যা দূৰ কৰিম পৰিষদীয় আমৰেং সমষ্টিত৷

কিছুদিনৰ ভিতৰতে বৃহত্তৰ আমৰেং সমষ্টিত মুঠ ১৮ টাকৈ পকী পথ নিৰ্মাণ, জেৰিকিন্দেঙত এটা বিভাগীয় অতিথিশালা, বিশুদ্ধ খোৱা পানীৰ যোগান আদিৰ কাম আৰম্ভ কৰা হ’ব বুলি কয় ৰংহাঙে৷ কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’ই সমষ্টিটোত শৈক্ষিক দিশত জিলাখনৰ ভিতৰতে অধিক গুৰুত্ব প্ৰদান কৰা হ’ব বুলি কোৱাৰ লগতে প্ৰতিটো পৰিকল্পনাকে বাস্তৱ ৰূপ দিয়া হ’ব বুলি কয় অধ্যক্ষগৰাকীয়ে৷

স্থানীয় পৰিষদীয় সদস্যা ৰীণা টেৰাংপিয়েও নিজৰ ভাষণত কয়, "চৰকাৰ আৰু ৰাইজৰ প্ৰতি থকা দায়বদ্ধতাক জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য হিচাপে লৈ মই মোৰ গৃহ সমষ্টি আৰু সমষ্টিবাসীৰ সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত মই মোৰ দায়িত্ব পালন কৰিম৷ মই আৰু আপোনালোকে পোৱা দুখ-কষ্ট আৰু সমস্যাৰ সন্মুখীন যাতে নৱ প্ৰজন্মই নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰি যাম৷"