
খেৰণিঃ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ ৮নং হামৰেণ সমষ্টিত বুধবাৰে শাসকীয় দল বিজেপিৰ এখন সভা অনুষ্ঠিত হয়৷ হামৰেণৰ জেংখাত অনুষ্ঠিত বিজেপিৰ যুটীয়া বৰ্ধিত সভাত বিজেপিৰ নেতা-কৰ্মী উপস্থিত থাকে৷
সভাত হামৰেণ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য মংগলছিং তিমুং, কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বিজেপিৰ নেত্ৰী কাৱন ইংতিপি, কাৰ্বি পৰিষদৰ কৃষি বিভাগৰ প্ৰাক্তন বৰ্ড অধ্যক্ষ বিদ্যাছিং টেৰন, পৰিষদীয় হামৰেণ সমষ্টিৰ গাঁও উন্নয়ণ সমিতিৰ অধ্যক্ষ ক্ৰমে ছাৰছিং ফাংছ, প্ৰাক্তন অধ্যক্ষ জয়ছিং ৰংহাং, বিৰেনছিং তিছ’, পশ্চিম কাৰ্ৱি আংলং জিলা বিজেপিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, ৰংখাং ব্লক বিজেপিৰ সভাপতি মংগলছিং বে, আৰছং ৰংহা, জুৱেলচন টকিবৰ লগতে শতাধিক বিজেপি কৰ্ম কৰ্তা আৰু সমৰ্থক উপস্থিত থাকে৷
সভাত দলীয় আলোচনাৰ সমান্তৰালকৈ উপস্থিত থকা বিজেপি নেতা-কৰ্মীয়ে কাৰ্বি পৰিষদৰ ৮নং হামৰেণ সমষ্টিৰ অন্তৰ্গৰ চৰকাৰী আঁচনি ৰূপায়ণ সন্দৰ্ভত গুৰুত্ব সহকাৰে সবিস্তাৰে আলোচনা, পৰ্যালোচনা আৰু বিশ্লেষণ কৰা পৰিলক্ষিত হয়৷ পৰিষদীয় সমষ্টিটোত পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ লগতে এম অ এছ-ৰ অধিনত নিৰ্মাণ হ’বলগীয়া পথসমুহৰ বিষয়ে আলোচনাৰ মাজেৰে ৰাইজক অৱগত কৰে৷ ইয়াৰ উপৰিও আৱাসগৃহ, বিশুদ্ধ খোৱা পানী, শৈক্ষিক দিশ আদিৰ ক্ষেত্ৰত লবলগীয়া পদক্ষেপ, পৰিকল্পনা আদিৰ বিষয়েও বিতংভাৱে আলোচনা কৰা বুলি জানিবলৈ দিয়ে একাংশ নেতাই৷