খাৰুপেটীয়াঃ ভাৰতীয় জনতা পাৰ্টিৰ দৰং জিলাৰ অন্তৰ্গত দলগাঁও শিয়ালমাৰী মণ্ডল বিজেপিৰ সাংগঠনিক সভা এখন আজি খাৰুপেটীয়া পৰিদৰ্শন বঙলাত দলগাঁও শিয়ালমাৰী মণ্ডল কমিটিৰ সভাপতি ৰহিমুদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত হয়।

প্ৰায় শতাধিক বিজেপিৰ কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত দৰং জিলা সমিতিৰ সভানেত্ৰী নিলীমা দেৱী, বিজেপিৰ দৰং জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি মিজানুৰ ৰহমান, সম্পাদক হাফিজুল হক, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰেমতা ভূঞা, ৰাজ্যিক সদস্য মঞ্জুৰ আহমেদ, মণ্ডল সাধাৰণ সম্পাদক মোস্তাক আহমেদ, দুলিচান্দ লুনাৱত, খাৰুপেটীয়া নগৰ সমিতিৰ সভানেত্ৰী ৰীতা ৰাণী দাস, উপসভাপতি গণেশ ঘোষ আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

সংখ্যালঘু অধ্যুষিত অঞ্চলৰ লোক সকলৰ উপস্থিতিত জিলা সভাপতি মিজানুৰ ৰহমানে ভাষণ প্ৰসংগত কয়, ‘‘মানুহৰ মুখে মুখে চৰ্চিত হোৱাৰ দৰে ভাৰতীয় জনতা পাৰ্টী সাম্প্ৰদায়ীক দল নহয়। ৰাজনৈতিক স্বাৰ্থ জড়িত একাংশ লোকে বিজেপিক সাম্প্ৰদায়ীক দল বুলি অপ প্ৰচাৰ চলাইছে।’’

তেওঁ পুনৰ কয়, ‘‘সবকা সথ সবকা বিকাশ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আপ্ত্য বাক্যশাৰী মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালেও ৰূপায়নৰ হকে আপ্ৰান চেষ্টা অব্যাহত ৰাখিছে।'' সভাখনত নিলীমা দেৱীয়েও ভাষণ আগবঢ়ায়।