
খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ৯ নং আমৰেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত টিলাবস্তীস্থিত বিবাহ ভৱনত আজি বিজেপিৰ এখন পূৰ্ণকালীন সভা অনুষ্ঠিত হয়৷ বিজেপি কেন্দ্ৰীয় তথা ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে আয়োজন কৰা বিজেপিৰ এই পূৰ্ণকালীন সভাত বিজেপি স্থানীয় সমিতি সমূহ উপস্থিত থাকে৷ এই সভাৰ যোগে দলৰ বাবে অথবা দলীয় নীতি-আদৰ্শৰে কিদৰে চৰকাৰক সহায় সহযোগ আগবঢ়াই যাব সেই সন্দৰ্ভত বিজেপি স্থানীয় সমিতিসমূহক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়৷
উল্লেখ্য যে, উল্লেখিত পৰিষদীয় সমষ্টিটোৰ অন্তৰ্গত থকা মুঠ ৪৬ খনকৈ বিজেপি স্থানীয় সমিতিৰ সভাপতি-সম্পাদক আৰু সদস্য উপস্থিত থকা পূৰ্ণকালীন সভাত আমৰেং সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদীয় সদস্যা ৰীণা টেৰাংপিয়ে ভাষণ প্ৰসংগত কয় যে তৃণমুল পৰ্যায়ৰ-প্ৰাথমিক স্তৰৰ কৰ্মকৰ্তা-সদস্যই হ’ল বিজেপি দলৰ মুল ভেটি৷ গতিকে কোনো বিজেপি নেতা অথবা কৰ্মকৰ্তাই কেতিয়াও উপলব্ধি কৰিব নালাগে যে মই বিজেপিৰ ৰাজ্যিক সমিতি, জিলা সমিতি অথবা মণ্ডল সমিতিত নাই বাবে মোৰ গুৰুত্ব নাই বুলি৷ সেইটো ভাবিলে ভুল হ’ব, কাৰণ দলৰ বাবে ৰাজ্যিক সমিতিৰ যি কাম সেই একেই কাম বিজেপি স্থানীয় সমিতিৰো বুলি কয় টেৰাংপিয়ে৷
‘আমি সকলো বিজেপি কৰ্মকৰ্তায়েই বিজেপিৰ নীতি আদৰ্শৰ একেডাল এনাজৰিৰেই বান্ধ খায় আছো, আমাৰ উদ্দেশ্যই হৈছে সবকে সাথ সবকে বিকাশ৷ গতিকে দল আৰু চৰকাৰৰ মাজত আমি এক সুসমন্বয় গঢ়ি আমি আমাৰ জিলাখনৰ লগতে আমৰেং সমষ্টিৰ উজ্জ্বল ভৱিষ্যতৰ চিন্তা কৰাটোহে উচিত৷ আমি সকলোয়ে জিলা আৰু আমৰেং সমষ্টিৰ স্বাৰ্থত উন্নয়ণ আৰু প্ৰগতিৰ বাবে কাম কৰি যাব লাগিব’ বুলিও সভাত উল্লেখ কৰে টেৰাংপিয়ে৷ আনহাতে সভাত উপস্থিত থকা পৰিষদীয় সদস্য পৱন কুমাৰ আৰু পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰদীপ ৰংহাঙেও সভাত উপস্থিত থকা বিজেপি স্থানীয় সমিতিৰ কৰ্মকৰ্তাক উদ্দেশ্যি ভাষণ প্ৰদান কৰে৷
উল্লেখযোগ্য যে আমৰেং মণ্ডল সমিতিৰ সভাপতি ধ্ৰুপদেউ চৌহানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ সভাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় সদস্য ক্ৰমে ৰীণা টেৰাংপি, পৱন কুমাৰ উপস্থিত থকাৰ বিপৰীতে পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ ক্ৰমে মহিলা মৰ্চাৰ উপ সভানেত্ৰী কিনা দাউলাগফো, সাধাৰন সম্পাদক ৰদীপ ৰংহাং, সদস্য ৰণ বাহাদুৰ ছেত্ৰী, আমৰেং মণ্ডল সমিতিৰ সম্পাদক জয়বাহাদুৰ চৌহান উপস্থিত থাকে৷