কামপুৰঃ ৰক্তদান মহৎ দান৷ তেজ দান কৰি কাৰোবাৰ জীৱন ৰক্ষা কৰাটোৰ সমান মহান কাম হয়তো আন একো হব নোৱাৰে৷ এই মহান উদ্দেশ্য আগত ৰাখিয়েই নগাঁও জিলাৰ পাখীমৰিয়া ডেভলপমেন্ট চছাইটিৰ উদ্যোগত আৰু নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সহযোগত শনিবাৰে এক ৰক্তদান শিৱিৰ অনুষ্ঠিত হয়।

দক্ষিণপাটৰ ৰাজহুৱা প্ৰেক্ষাগৃহত পুৱা দহ বজাৰ পৰা এই ৰক্তদান শিৱিৰ অনুষ্ঠিত হয়। শিবিৰটোত প্ৰায় শতাধিক যুৱকে অংশগ্ৰহণ কৰি দুখীয়া ৰোগী সকলক ৰক্তদান কৰি আত্মসন্তুষ্টি লাভ কৰে৷