01
Nov
2017

অভয়াপুৰীঃ ৰক্ত দান মহান দান৷ এটোপাল ৰক্ত হৈ পৰিব পাৰে কাৰোবাৰ বাবে জীৱন দান স্বৰূপ৷ এই কামৰ মহত্ব তেতিয়াহে বুজা যায় যেতিয়া নিজৰ কোনো এটোপাল মাত্ৰ তেজৰ কাৰণে জীৱন আৰু মৃত্যুৰে যুঁজে৷ বুধবাৰে বঙাইগাঁও জিলাৰ অন্তৰ্গত ভয়াপুৰীত ৰক্তদান শিৱিৰ অনুষ্ঠিত হয়।
অভয়াপুৰী মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ ৰেড ৰিবন ক্লাৱ আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংক কোষৰ যুটীয়া উদ্যোগত অভয়াপুৰী মহাবিদ্যালয়ত আয়োজিত উক্ত শিৱিৰত প্ৰায় অৰ্ধশতাধিক ছাত্ৰ -ছাত্ৰীয়ে ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
উল্লেখ্য যে অভয়াপুৰী মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ কাৰ্যক্ৰম বিষয়াদ্বয় তথা অধ্যাপক জয়ন্ত বৰা আৰু বাবুৰাম শৰ্মাই উক্ত কাৰ্যসূচীত মহাবিদ্যালয় খনৰ ছাত্ৰ -ছাত্ৰী সকলে সক্ৰিয়ভাৱে যোগদান কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।