গুৱাহাটীঃ অসমৰ সংবাদ জগতৰ পিতামহ, জ্যেষ্ঠ সম্পাদক, পণ্ডিত তথা বিশিষ্ট বুদ্ধিজীৱী ৰাধিকা মোহন ভাগৱতীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে বড়ো সাহিত্য সভাই৷ বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই ভাগৱতীৰ মৃত্যুত অসমে এগৰাকী সু-চিন্তাবিদ, সাংবাদিকক হেৰুৱালে বুলি কয় ৷

সভাই এক শোক বাৰ্ত্তা যোগে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি তেওৰ আত্মাৰ সদ্গতি কামনা কৰে৷ দেশ আৰু জনগণৰ বাবে হাতত কলম তুলি লৈ আজীৱন জনগণৰ সেৱা কৰি শুকুৰবাৰে আমাৰ মাজৰ পৰা অচিনা দেশলৈ পৰা গুছি গল অসমৰ দৈনিক বাতৰি কাকতৰ নক্ষত্ৰগৰাকীয়ে শনিবাৰে পুৱা ৯.২০ বজাত ইণ্টাৰনেচনেল হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৩৩ চনৰ ১৯ জানুৱাৰিত জন্ম গ্ৰহণ কৰিছিল সংবাদ জগতৰ নক্ষত্ৰ ভাগৱতীযে।