ওদালগুৰিঃ শনিবাৰে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে বড়ো জাতিৰ পিতৃ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পৱিত্ৰ জন্ম জয়ন্তী পালন কৰিব। ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হ’ব জননেতাগৰাকীৰ জন্মজয়ন্তী। বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থাকে আদি কৰি বড়ো জনগোষ্ঠীটোৰ প্ৰায় সকলো দল-সংগঠনে জন্মজয়ন্তীৰ পবিত্ৰ দিনটোত স্মৰণ কৰিব এই ব্ৰহ্মক। 

উল্লেখ্য যে, ১৯৫৬ চনৰ ৩১ মাৰ্চত জন্মগ্ৰহণ কৰা বডোফা উপেন্দ্ৰনাথ বহ্ম আছিল বড়ো জনগোষ্ঠীৰ জননেতা, সক্ৰিয় সমাজকৰ্মী। নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ প্ৰতিষ্ঠাপক সভাপতি। কিন্তু ইয়াৰ পাছতো বিটিএডিৰ ওদালগুৰি জিলা সদৰত উপেক্ষিত হৈ ৰ'ল এই মহান নেতাগৰাকীৰ স্মৃতিত নিৰ্মাণ হোৱা শিশু উদ্যান। 

নেতাগৰাকীৰ স্মৃতিত ওদালগুৰিৰ বৰ্নগাঁৱৰ শিশু উদ্যান এতিয়া পোহনীয়া জন্তুৰ চৰনীয়া পথাৰত পৰিণত হৈছে৷ নিশা হ'লেই চলে মদৰ আড্ডা বহে উদ্যান খনত। বিগত ২০১১ চনত সেনাৰ ৰেডহৰ্ণ ডিভিজনৰ উদ্যোগত অপাৰেচন সদ্ভাৱনা আঁচনিৰ অধীনত ওদালগুৰিৰ বৰ্নগাঁৱত মুকলি কৰা হৈছিল শিশু উদ্যান খন। 

প্ৰথমাৱস্থাত উদ্যানখনলৈ খেলিবলৈ আহিছিল বহু শিশু যদিও পৰৱৰ্তী সময়ত মেৰামতিৰ অভাৱত শিশু উদ্যানখন জহি খহি যাবলৈ ধৰিলে। শিশুৰ খেলৰ সামগ্ৰীসমূহো ক্ৰমান্বয়ে জৰাজীৰ্ণ অৱস্থালৈ গতি কৰিছে। ফলত শিশু উদ্যানখনলৈ অহা বন্ধ হৈ পৰিল শিশুসকলৰ। পৰৱৰ্তী সময়ত শিশু উদ্যানখন পোহনীয়া জন্তুৰ চৰণীয়া পথাৰলৈ পৰ্যবেশিত হবলৈ ধৰিলে। 

কেৱল ইমানে নহয় বৰ্তমান শিশু উদ্যানখনত দেখা পোৱা যায় বিদেশী সুৰাৰ বটল। এক কথাত ক'বলৈ গ'লে এতিয়া উদ্যানখন সুৰাৰ আড্ডাথলীত পৰিণত হৈছে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি উদ্যানগনলৈ এতিয়া শিশুৰ পৰিৱৰ্তে আহে একাংশ অচিনাক্ত সুৰাপায়ী। 

নিশা সুৰা সেৱন কৰি তেওঁলোক নিৰ্বিঘ্নে আতৰি যায়। ফলত একাংশ সচেতন ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যিসময়ত বড়ো জাতিটোৰ বিভিন্ন স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বিভিন্ন আন্দোলনত জপিয়াই পৰিছিল তেনে সময়তে নিজৰ ভূমিতে তেওঁৰ স্মৃতিত নিৰ্মিত উদ্যানখন উপেক্ষিত কৰিছে একাংশ নেতাই৷ আনহাতে ওদালগুৰি জিলাৰ পৰা ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰী আৰু বিটিএডিৰ কেইবাগৰাকী আগশাৰীৰ নেতাৰ ঘৰ যদিও উদ্যান খন উপেক্ষিত হৈ ৰোৱাত ৰাইজে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷