16
Dec
2017

কোকৰাঝাৰঃ গোলাঘাট জিলাৰ বগীধলা চাহ বাগিচাৰ শোষিত-নিষ্পেষিত চাহ শ্ৰমিকৰ ওপৰত গুলীচালনাৰে ১৫ জনকৈ শ্ৰমিকক মালিকে আহত কৰাৰ ঘটনাই ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে মালিকপক্ষই বাগিচা খন লক-আউট ঘোষণা কৰে৷ বাগিচা খন পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত৷
লক-আউট ঘোষণা কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম আদিৱাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাক্ৰাই।
সংবাদিকেৰে মুখামুখি হৈ ষ্টিফেন লাক্ৰাই বগীধলা চাহ বাগিচাৰ ঘটনাক নাটক আখ্যা দি এয়া চৰকাৰ আৰু মাালিকপক্ষৰ বুজাবুজিৰ ব্লুপ্ৰিণ্ট্ৰ আছিল বুলি মন্তব্য কৰে৷ লক-আউট ঘোষণাৰে শ্ৰমিকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ কৌশল ৰচনা কৰা বুলি মন্তব্য কৰে ছাত্ৰ নেতা ষ্টিফেন লাক্ৰাই৷ শীঘ্ৰে লক-আউট প্ৰত্যাহাৰ কৰাৰ বাবে দাবীও উত্থাপন কৰি চৰকাৰক সকীয়নি প্ৰদান কৰে।