তুলসীবাৰীঃ ৰঙিয়াৰ সমীপৰ খন্দিকৰৰ নলিনীবালা দেৱী হাইস্কুলৰ খেল পথাৰত বৈৰাথী ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ শনিবাৰে দ্বিতীয় ছেমিফাইনেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পাঠশালাৰ সাদৰি এছ চিৰ বিৰুদ্ধে ওডালগুৰিৰ কবিৰালি আদিবাসী ক্লাবে।

উত্তেজনাময় খেল খনত পাঠশালাৰ সাদৰি এছ চিয়ে ওডালগুৰিৰ কবিৰালি আদিবাসী ক্লাবক ২-১ গলত পৰাস্ত কৰে। খেল খন পৰিচালনা কৰে ৰেফাৰী দুলু তালুকদাৰে তেওঁক লাইনত সহায় কৰে সঞ্জীৱ মিশ্ৰ, মফিজ আলী আৰু চতুৰ্থ ৰেফাৰী হিচাপে বুদ্ধ বড়োয়ে। লগতে মেছ ৰেফাৰী হিচাপে বাবুল খাখলাৰী উপস্থিত থাকে। অহা ৬ নবেম্বৰত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ’ব।