♦ গুণোৎসৱৰ দৰেই ফ্লপ শ্ব'ত পৰিণত শিক্ষা বিভাগৰ অভিলাষী আঁচনি

কাৰ্বি আংলং ব্যুৰ': শিক্ষা গ্ৰহণৰপৰা বঞ্চিত হৈ থকা ৬ ৰপৰা ১৬ বছৰৰ শিশুসকলক বিনামূলীয়া আৰু বাধ্যতামূলকভাৱে প্ৰাথমিক শিক্ষা প্ৰদানৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যখনৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত আৰম্ভ কৰিছে বিদ্যাৰম্ভ উৎসৱ নামেৰে এক কাৰ্যসূচী৷

এই বিদ্যাৰম্ভ উৎসৱ ২০১৮ ৰ ১৫ নৱেম্বৰৰপৰা ২০১৯ ৰ ১ জানুৱাৰীৰ ভিতৰত সম্পন্ন কৰিব লাগে৷ যাৰ বাবে প্ৰতিখন বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিয়ে নিজ নিজ অঞ্চলৰ শিক্ষা গ্ৰহণৰ উপযুক্ত শিশুসকলৰ পিতৃ-মাতৃলৈ ২০১৮ৰ ৩০ ডিচেম্বৰৰ ভিতৰত চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে শিশুসকলক পঠাবলৈ স্থানীয় ভাষাত লিখা পত্ৰ প্ৰেৰণ কৰিব লাগে৷

নতুন নাম ভৰ্তিৰ বাবে ৰাজহুৱা স্থানত বেনাৰ, পোষ্টাৰ আদি আঁৰিব লাগে৷ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত বিদ্যালয়সমূহৰ কাষৰ গ্ৰামাঞ্চল, ৱাৰ্ড, চাহ বাগিচাৰ লাইন আদিত শিক্ষামূলক সজাগতা সভা, ৰেলী আদিৰ জৰিয়তে স্থানীয় চৰকাৰী বিদ্যালয়ত শিশুসকলৰ শিক্ষা অধিকাৰ সম্পৰ্কত সজাগ কৰি তুলিব লাগে৷

পৰিচালনা সমিতিয়ে ৰাজহুৱা স্থান, বজাৰ, জনসাধাৰণৰ সমাগম হোৱা স্থানত শিশুসকলৰ শিক্ষাৰ অধিকাৰ সম্পৰ্কত বাটৰ নাট, পোষ্টাৰ, বেনাৰ আদিৰ জৰিয়তে সাধাৰণ মানুহৰ মাজত যোগসূত্ৰ স্থাপন কৰিব লাগে৷

উল্লেখ্য যে উল্লিখিত কাৰ্যসমূহ সম্পূৰ্ণ হোৱাৰ পাছত ২০১৮ ৰ ১৭ ডিচেম্বৰৰপৰা ৩০ ডিচেম্বৰৰ ভিতৰত নতুন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি, পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি আদি কাৰ্যসূচী সম্পন্ন কৰিব লাগে৷

আনহাতে ২০১৮ ৰ ৩১ ডিচেম্বৰৰ দিনা বিদ্যালয় চৌহদ, প্ৰস্ৰাৱগাৰ, মধ্যাহ্ন ভোজনৰ ৰান্ধনীশাল, খোৱাপানী সংৰক্ষণৰ স্থানসমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগত চাফ-চিকুণ কৰিব লাগে৷

ইয়াৰ উপৰি এই কাৰ্যত বিদ্যালয়ৰ পৰিচালনৰ সমিতিৰ মাতৃ গোট, অভিভাৱক-অভিভাৱিকা আৰু স্থানীয় ৰাইজক অন্তৰ্ভুক্ত কৰাব লাগে৷ ইফালে ২০১৯ ৰ ১ জানুৱাৰী দিনা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, বেচৰকাৰী সংস্থা, অৱসৰ প্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীৰ সহযোগত বিদ্যালয়ৰ সমূহৰ চৌহদত বৃক্ষ ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে৷

২০১৮ শিক্ষা বৰ্ষত নিয়মীয়াভাৱে বিদ্যালয়ত উপস্থিত থকা ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পিতৃ-মাতৃক ১ জানুৱাৰী দিনা বিদ্যালয়ত অনুষ্ঠিত হোৱা অভিভাৱক সভাত অভিনন্দন জনোৱাৰ লগতে এই সভাতেই ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকা বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াই ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ কল্যাণৰ স্বাৰ্থত কাম কৰি যোৱাৰ শপত ল'ব লাগে ৷

কিন্তু লক্ষণীয় কথা হৈছে যে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ গুণগত মান উন্নত কৰাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে বিভিন্ন চৰকাৰী অভিলাষী আঁচনি গ্ৰহণ কৰি কোটি কোটি টকা ৰাজভঁড়ালৰ ধন খৰচ কৰিছে যদিও প্ৰকৃততে ইয়াৰপৰা চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ কোনো বিশেষ উন্নতি হোৱা পৰলক্ষিত হোৱা নাই৷

চৰকাৰে গুণোৎসৱৰ দৰে কাৰ্যসূচী দুবাৰকৈ গ্ৰহণ কৰিলে কিন্তু এই উৎসৱ কাৰ্যসূচী একাংশ চৰকাৰী বিদ্যালয়ে কেনেদৰে পাৰ কৰিলে সেইয়া কিন্তু ৰজাঘৰৰ দৃষ্টিত নপৰিল৷ গুণোৎসৱৰ দিনকেইটাত শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ পকেটৰ ধন খৰচ কৰি বিদ্যালয়সমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ লগতে ধাৰ কৰা ছাত্ৰ-ছাত্ৰীৰে কেৱল মাত্ৰ গ্ৰেড পোৱাৰ আশাত যি যুদ্ধংদেহী তৎপৰতা চলালে, তাৰ পৰা কিন্তু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মান উন্নত হোৱাৰ পৰিৱৰ্তে এটা বিৰাত শূন্যহে পৰিলক্ষিত হ'ল৷

কাৰণ গুণোৎসৱো গ'ল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বায়িত্বও সিমানতে শেষ হ'ল৷ বিগত সময়ছোৱাত ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰা গুণোৎসৱৰ দৰে কাৰ্যসূচীৰ সময়ত চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতিয়ে বিদ্যালয়সমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্ন চৌহদ, ফুলনি বাগিচা, বিশুদ্ধ খোৱাপানী ব্যৱস্থা, ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ লগতে উক্ত সময়ছোৱাত ছাত্ৰ-ছাত্ৰীক কৰা শিক্ষাদানৰ যি প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল সেইয়া কিন্তু গুণোৎসৱৰ পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা নগ'ল৷

ঠিক একেদৰে অসম চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়সমূহলৈ ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ২০১৮ ৰ ১৫ নৱেম্বৰৰ পৰা ২০১৯ ৰ ১ জানুৱাৰীলৈকে বিদ্যাৰম্ভ উৎসৱ নামেৰে যিসমূহ কাৰ্যসূচী গ্ৰহণ কৰিছিল, সেই সমূহো কিন্তু পাহাৰীয়া জিলা কাৰ্বি আংলঙত ভেঁকো-ভাওনাতহে পৰিণত হোৱা পৰিলক্ষিত হ'ল ৷

কাৰণ জিলাখনৰ অধিকাংশ বিদ্যালয়তে এই কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰিৱৰ্তে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে পৰিচালনা সমিতিৰ বিয়য়ববীয়াসকলে ইংৰাজী নৱবৰ্ষক আদৰাৰ নামত প্ৰীতিভোজ খোৱাত ব্যস্ত থকাহে পৰিলক্ষিত হ'ল৷

এতিয়া সচেতন লোকৰ মাজত প্ৰশ্ন উঠিছে যে এই চৰকাৰী আঁচনি সমূহৰ জৰিয়তে চৰকাৰী মাধ্যমৰ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মান উন্নত কৰা তথা চৰকাৰী বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰাৰ পৰিৱৰ্তে এই আঁচনিসমূহৰ নামত আৱণ্টিত ধন একাংশক হৰলুকি কৰাৰ সুযোগহে প্ৰদান কৰিব নেকি?