মিত্ৰতা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ মন্তব্য
"বিবাহ বিচ্ছেদৰ বাবে সময় লাগিলেও এক চেকেণ্ডো সময় নালাগে মিত্ৰতা ভংগৰ বাবে

কাজিৰঙঃ গাঁৱে গাঁৱে গৈ প্ৰচাৰ অভিযান চলালে অগপ সভাপতি অতুল বৰাই ৷বাদ পৰি যোৱা নাই কোনো এটা অঞ্চল৷পঞ্চায়ত নির্বাচনৰ দিন ধার্য হোৱাৰ লগে-লগে বোকাখাত সমষ্টিত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা তথা অগপৰ দলীয় কর্মী সকলৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈছে বিশেষকৈ কেবিনেট মন্ত্রী তথা দলীয় সভাপতি অতুল বৰাৰ সমষ্টি হৈছে বোকাখাত ।গতিকে এই পঞ্চায়ত নির্বাচন মন্ত্রীজনৰ কাৰণে এক সম্মানৰ যুঁজ হিচাপে বিবেচিত হৈছে।

কাজিৰঙাৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ অগপৰ সভাপতি তথা বোকাখাতৰ বিধায়ক অতুল বৰাই বিস্ফোৰক মন্তব্য প্ৰদান কৰাক লৈ এতিয়া নিৰ্বাচনৰ গৰম বতাহজাক আৰু গৰম হৈ উঠিছে৷ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আগন্তুক সময়ত বিজেপিৰে মিত্ৰতা বাহাল ৰখাৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত "বিবাহ বিচ্ছেদ ঘটাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয় কিন্তু মিত্ৰতা ভংগ কৰিবলৈ আমাৰ এক চেকেণ্ডৰো সময় নালাগে" বুলি এক বিস্ফোৰক মন্তব্য দাঙি ধৰে অগপৰ সভাপতি তথা কৃষি মন্ত্রী অতুল বৰাই। 

তেখেতে লগতে কয় যে মুখ্যমন্ত্ৰীয়ে আমাক সমালোচনা কৰাতো দুৰ্ভাগ্যজনক ,মই আচৰিত হৈছো। পুৱা টেলিভিছন খুলিলেই বিজেপি পাৰ্টিয়ে,দুপৰীয়া টেলিভিছন খুলিলে কংগ্ৰেছ পাৰ্টিয়ে, ৰাতি টেলিভিছন খুলিলে এ ইউ ডি এফ পাৰ্টিয়ে আমাক কেৱল গালি পাৰি থকাই দেখো বা শুনো৷ সন্দেহ হয় তেওঁলোকৰ মাজত বাৰু কিবা গোপন বুজাবুজি আছে নেকি! মন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাই বোকাখাতৰ নিৰ্বাচনী সভাত অংশ লবলৈ আহি আমাক অগপ দলক বিজেপিত ভোট দিবলৈ কৈছে, এতিয়া মই হিমন্ত বিশ্ব শৰ্মাক তথা বিজেপি দলক কৈছো, ''অসমৰ এজন প্ৰকৃত অসমীয়া হিচাপে নিজকে যদি ভাবে তেন্তে হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ভোটটো আমাক দিয়াৰ লগতে তেখেতৰ দলকো সদলবলে আমাকে ভোট দিবলৈ কওঁক’’৷ কাৰণ আঞ্চলিকতাবাদ শক্তিশালী হলেহে ৰাষ্ট্ৰীয়বাদ শক্তিশালী হব । অসম গণ পৰিষদ দলে যি ঐতিহাসিক  পৰিক্ৰমা অতিক্ৰমি আজিৰ পৰ্যায়ত উপনীত হৈছেহি তাৰ ভেটি ইমান থুনুকা নহয় যে মিত্ৰ দলৰ সমৰ্থন নহলে এই দল মাটিৰ সৈতে মিলি যাব, এই বুলি দৃঢ় মত প্ৰকাশ কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ৷ আঞ্চলিকতাবাদক  উলাই কৰি কোনো দলৰে স্থায়িত্ব আশা কৰা নাযায় বুলিও কয় মন্ত্ৰী গৰাকীয়ে ৷

কাজিৰঙাৰ পৰা পলিমা চেতিয়া