
newsnextone.com | কাজিৰঙাঃ দুই যুৱকৰ হত্যাকাণ্ডই ৰাজ্য উত্তাল হৈ থকাৰ সময়তে গোলাঘাটৰ বোকাখাতত কেইবাশতাধিক নাৰীয়ে মঙলবাৰে ঘৰৰ পৰাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ বোকাখাতত প্ৰশাসনৰ বুঢ়া আঙুলি দেখুৱাই ধাৰাবাহিক নাৰী নিৰ্যাতন-ধৰ্ষণ-হত্যাৰ ঘটনা সংঘটিত হৈ অহাত প্ৰতিবাদমুখৰ হৈ পৰে বোকাখাত চহৰ।
বোকাখাত কেন্দ্ৰীয় মহিলা সমিতিৰ উদ্যোগত আৰু কেইবাটাও দল-সংগঠনৰ সহযোগত নাৰী নিৰ্যাতন, ধৰ্ষণ-হত্যাৰ ঘটনাৰ বিৰুদ্ধে আৰু কাৰ্বি আংলঙৰ ডকমকা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদত সাব্যস্ত কৰে৷ বোকাখাত চাৰিআলিৰ চিকন আঁতা থানৰ তোৰণৰ তলত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰক ধিক্কাৰ দি আইন-শৃংখলা নিয়ন্ত্ৰণত সম্পূৰ্ণ বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰে৷
গণ অৱস্থানস্থলিত বোকাখাতত সঘনাই সংঘটিত হৈ অহা নাৰী নিৰ্যাতন, গত্যা, ধৰ্ষণৰ দৰে নাৰকীয় ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আৰক্ষী আৰু প্ৰশাসনক নাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনায়৷ প্ৰতিটো নাৰী নিৰ্যাতন আৰু হত্যাকাণ্ডৰ দোষীয়ে যাতে উচিত শাস্তি লাভ কৰে তাৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷
কাৰ্বি আংলঙৰ ডকমকাত দুস্কৃতিৰ হাতত প্ৰাণ হেৰুওৱা শিল্পী নিলোৎপল দাস আৰু অভিজিৎ নাথৰ হাত্যাকাণ্ডৰো তীব্ৰ গৰিহণা দিয়াৰ উপৰিও দোষীক উপযুক্ত শাস্তি প্ৰদানৰো দাবী উত্থাপন কৰে৷ বোকাখাতৰ মহকুমাধিপতিৰ জড়িয়তে বিধায়কক স্মাৰকপত্ৰ প্ৰদান কৰে৷
গণ অৱস্থান কাৰ্যসূচীত বোকাখাত কেন্দ্ৰীয় মহিলা সমিতি, নাৰী সুৰক্ষা সমিতি, জ্যেষ্ঠ নাগৰিক, বুদ্ধিজীৱি, সাহিত্যিক, পেঞ্চনাৰ সন্থা, কনকলতা মহিলা সমিতি, জীপাল কৃষক শ্ৰমিক সংঘ, টি এম পি কে, এম এম কে, টি এম এম কে আদি সংগঠনৰ লগতে বোকাখাতবাসী ৰাইজে সহযোগ কৰে৷ অৱস্থানস্থলিত প্ৰবীন শিক্ষাবিদ ভবেশ শইকীয়া, ভানু বৰুৱা, আনিচুৰ ৰহমান, কল্পনা চেতিয়া, নিজৰা বৰঠাকুৰ, সোণেশ্বৰ নৰহ, প্ৰনৱ দলে, সুশীল লইং, মহেশ্বৰ শইকীয়া চন্দ্ৰপ্ৰভা শইকীয়া ডেকা, চন্দ্ৰপ্ৰভা শইকীয়া ডেকা আদিয়ে বক্তব্য ৰাখে।