
কাজিৰঙা ৩ নবেম্বৰ : বোকাখাত সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কৃষি ও পশুপালন আদি বিভাগৰ মন্ত্ৰী শ্ৰীযুত অতুল বৰাদেৱে আজি বোকাখাত পৌৰসভাৰ অধীনত বোকাখাত নগৰৰ বিভিন্ন স্থানত চাৰিটাকৈ পথৰ কামৰ শুভাৰম্ভনী কৰে।
উল্লেখযোগ্য যে, মুঠ ১,০৪,৯৬,৪৬০ টকাৰে এই চাৰিওটা পথৰ নিৰ্মানৰ কামৰ আৰম্ভ কৰা হব। অনুষ্ঠানত গোলাঘাট জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱা, বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম, বোকাখাত পৌৰসভাৰ পৌৰপতি চিত্ৰা কাৰ্ডং, বোকাখাত ৰাজহচক্ৰৰ চক্ৰ বিষয়া খনিন্দ্ৰ দাস, পৌৰসভাৰ কেউটা ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
ইয়াৰ উপৰিও কৃষি মন্ত্ৰীগৰাকীয়ে আজি বোকাখাত মহকুমা কল্যাণ বিভাগৰ দ্বাৰা ২৭৫ নং অনুচ্ছেদৰ অধীনত ৪ লাখ ৯৫ হাজাৰ টকাৰে নিৰ্মিত টিমৌআটি মৰং ঘৰটিৰ শুভ উদ্বোধন কৰি ৰাইজলৈ উৎসৰ্গা কৰে। মৰং ঘৰটোৰ উদ্বোধনী অনুষ্ঠানত মহকুমাধিপতিৰ লগতে মহকুমা কল্যাণ বিষয়া শান্তনু গগৈ আৰু মহকুমা জনজাতি কল্যাণ পৰিষদৰ অধ্যক্ষ কমল কুটুম উপষ্ঠিত থাকে। উক্ত অনুষ্ঠানত মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াও উপস্থিত থাকে ৷
পলিমা চেতিয়া,কাজিৰঙা