ওৰাংঃ ওৰাঙৰ পদুম পুখুৰীৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা এটা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুত ট্ৰেন্সফৰমাৰত ঢেকীয়াজুলি অভিমুখে গৈ থকা বলেৰ' পিক আপ ভান এখনে খুন্দিওৱাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে চালক হেন্দিমেনৰ। পুৱা ৪-৩০ মান বজাত এই ঘটনা সংঘটিত হয়। 

১১ হাজাৰ কিলোৱাটৰ পৰা ২২০ কিলোৱাটলৈ ৰূপান্তৰ কৰা উক্ত ট্ৰেন্সফৰমাৰটোৰ অন্তৰ্গত প্ৰায় ৬০ টা অন্য সৰু ট্ৰেন্সফৰমাৰ বন্ধ হৈ ওৰাং, গেলাবিল আদি অঞ্চলৰ গাঁও সমূহৰ বিদ্যুত যোগান ব্যৱস্থা ব্যাহত হৈ পৰে। দুৰ্ঘটনাটোৰ ফলত বিদ্যুত বিভাগৰ প্ৰায় তিনি লক্ষাধিক টকাৰ ক্ষতি সাধন হয়।