ডিজিটেল ডেস্কঃ দেশ তোলপাৰ লগোৱা ১৯৯৩ চনৰ ধাৰাবাহিক মুম্বাই বোমা বিস্ফোৰণৰ মাষ্টৰ মাইণ্ড গেংষ্টাৰ আবু ছালেমক আদালতে যানজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে৷

টাডাৰ বিশেষ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে দুই লাখ টকাৰ জৰিমণা বিহে আবু ছালেমক৷ টাডাৰ বিশেষ আদালতে এই ৰায় দিয়ে বৃহস্পতিবাৰে৷

আনহাতে মুম্বাই কাণ্ডৰ আন দুজন অভিযুক্ত তাহিৰ মাৰ্চেন্ট আৰু ফিৰোজ খানক ফাচিৰ হুকুম দিয়ে টাডাৰ বিশেষ আদালতে৷ আন এগৰাকী অভিযুক্ত ৰিয়াজ চিদ্দিকিক দহ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে কৰিম উল্লাক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ দিয়াৰ লগতে ২ লাখ টকাৰ জৰিমণা বিহে৷

বিগত ২৪ বছৰৰ মুৰত টাডাৰ বিশেষ আদালতে আবু ছালেম সহ ৫ গৰাকী অভিযুক্তৰ বিৰুদ্ধে ৰায় দিয়ে।