বঙাইগাঁওঃ বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বিতৰ্কিত কেবিনেট নোটক লৈ ক্ৰমান্বয়ে পৰিস্থিতি অৱনতি ঘটাৰ আশংকা বৃদ্ধি পাইছে। ভূমি অধিকাৰ সম্পৰ্কীয় আৰু সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা বাতিল কৰা সম্পৰ্কীয় কেবিনেট নোট সংবাদমাধ্যম যোগে প্ৰকাশিত হোৱাৰ পিছত বিভিন্ন দল সংগঠনে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত এইবাৰ পাঁচটা সংগঠনৰ যৌথ মঞ্চ United Organisation Co-Ordination Committee-য়ে বিটিচি বাতিলৰ দাবী উত্থাপন কৰিছে। শুকুৰবাৰে বঙাইগাঁৱত অনুষ্ঠিত হোৱা এক সংবাদমেলত United Organisation Co-Ordination Committee-ৰ মুখ্য আহ্বায়ক হিতেশ্বৰ বৰ্মনে বিটিচি বাতিলৰ দাবী উত্থাপন কৰিছে। 

বিটিচি পৰিষদৰ স্বৈৰাচাৰিতাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি United Organisation Co-Ordination Committee-এ জনগোষ্ঠী বিৰোধী সিদ্ধান্ত, বিটিচিৰ মুখ্য সচিবৰ স্পষ্টীকৰণ, খিলঞ্জীয়া জনগোষ্ঠীৰ সংৰক্ষিত মৰ্যদা কৰ্তন কৰিবলৈ লোৱা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি বিটিএডিত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ সম উন্নয়ন, সম অধিকাৰ নিশ্চিত কৰাৰ স্বাৰ্থত বিটিচি ভংগৰ দাবী উত্থাপন কৰিছে। যোৱা ১২ জানুৱাৰীত আইন সংশোধন কৰি বিটিচি প্ৰশাসনে অতি কৌশলেৰে সংৰক্ষিত জনগোষ্ঠীৰ লগতে বিটিএডিত থকা অইন জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ খৰ্ব কৰিবলৈ প্ৰচেষ্টা চলাইছিল বুলি উল্লেখ কৰি বিটিচি প্ৰশাসনে যিহেতু বিটিচি চুক্তিৰ নীতি উলংঘা কৰিছে গতিকে বিটিচি ভংগৰ দাবী জনাই United Organisation Co-Ordination Committee-ৰ মুখ্য আহ্বায়ক হিতেশ্বৰ বৰ্মনে।

এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈও আহ্বান জনায়। তদুপৰি অহা ৬ মাৰ্চত আহ্বান জনোৱা ২৪ ঘন্টীয়া বিটিএডি বন্ধৰ কাৰ্যসূচী সফল কৰিবলৈ United Organisation Co-Ordination Committee-য়ে জনসাধাৰণক প্ৰতি আহ্বান জনাইছে। উল্লেখ্য যে, বঙাইগাঁৱত অনুষ্ঠিত সংবাদমেলত United Organisation Co-Ordination Committeeৰ অন্তৰ্গত সংগঠন ক্ৰমে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সম্পাদক বিমল মুৰ্মু, সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি চাইমন কিস্কু, নাথ-যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথ, আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু সম্পাদক গোকুল বৰ্মন আৰু আগছুৰ সম্পাদক অশোক শৰ্মা উপস্থিত থাকে।