Image for Representation
Image for Representation

বঙাইগাঁওঃ বঙাইগাঁৱৰ ৰাজপথত উদণ্ড বাইকাৰ্ছৰ ষ্টাণ্টে চৰম পৰ্যায় পাইছে৷ একাংশ কম বয়সীয়া কিশোৰৰ উচ্ছৃংখল কৈশোৰ জীৱন, এনেচামৰ হাততে প্ৰাণ পাই উঠা কে টি এম বাইকৰ দূৰন্ত গতি তথা ৰাজপথৰ মাজতে শূন্যত ঘূৰাই দেখুওৱা চাৰ্কাছে সম্প্ৰতি বঙাইগাঁওবাসীক প্ৰতিনিয়ত আতংকিত কৰি ৰাখিছে৷ 

সেইদৰে বাইকৰ ইঞ্জিন মডিফাই কৰি উলিওৱা বিকট শব্দয়ো ৰাজপথৰে অহা-যোৱা কৰা প্ৰতিজনৰে বুকু কপাই তুলিছে৷ মাজনিশাও জনসাধাৰণৰ টোপনি হৰিছে উদণ্ড বাইকাৰ্ছসকলে৷

কিন্তু এনে উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে এতিয়া নামি পৰিছে জিলা পৰিবহণ বিষয়া৷ শনিবাৰে এনে এজন কিশোৰে এনফ’ৰ্চমেণ্ট বাহিনীৰ চকুৰ আগৰ পৰা পলাবলৈ লওতেই দেউৰীপাৰাত এনফ’ৰ্চমেণ্ট বাহিনীয়ে আটক কৰিবলৈ সমৰ্থ হয়৷ 

কিশোৰজনক বঙাইগাঁও সদৰৰে নিকটবৰ্তী গোসাইপাৰাৰ হৰিপ্ৰসাদ ৰাভাৰ পুত্ৰ বুলি জানিব পৰা গৈছে৷ লক্ষণীয়ভাৱে কিশোৰজনৰ বয়স ১৮ হোৱাই নাই৷ নাই গাড়ী চালনাৰ অনুজ্ঞাপত্ৰও৷ কিন্তু এ এছ ১৯ এফ ৯৮১৩ নম্বৰৰ বাইকখনে কিশোৰজনৰ হাতৰ পৰশ পালেই লয় দূৰন্ত গতি, ৰাজপথত শূণ্যত ঘূৰাৰ সামৰ্থও৷ 

পৰিবহণ বিষয়া ভাস্কৰজ্যোতি দত্তই জনোৱা মতে এই বাইকখনৰ ইঞ্জিনো বে-আইনীভাৱে মডিফাই কৰি উচ্চ শব্দযুক্ত কৰি লোৱা হৈছে৷ পিছত পৰিবহণ বিষয়াগৰাকীয়ে বঙাইগাঁও সদৰ থানাত কিশোৰজনৰ অভিভাৱকৰ বিৰুদ্ধে গোচৰ তৰে৷ আনহাতে এনে বাইকাৰ্ছৰ বিৰুদ্ধে অভিযান চলিব বুলিও জনালে বিষয়াগৰাকীয়ে৷ এনে উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে ৰাজহুৱা অভিযোগ পোৱা বুলিও তেওঁ জনালে৷ 

মন কৰিবলগীয়া যে পৰিবহণ বিভাগৰ এই অভিযানৰ সময়তে বৰপাৰাত আন এজন উদণ্ড বাইকাৰ্ছ(বাইকৰ নম্বৰ এ এছ১৫ কে ৩৮০১)ৰ খুন্দাত বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পোনাকন সৰকাৰ নামৰ এজন ছাত্ৰও আহত হয়৷ ইয়াকে কেন্দ্ৰ কৰি উদণ্ড কিশোৰজনক স্থানীয় লোকে লপা-থপাও দিয়ে৷