মৰিয়ণীঃ সদৌ অসম ছাত্ৰ সন্থাই বিতৰণ কৰিলে বানপীড়িত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথি৷

সংগঠনটোৰ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় গোট আৰু দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ যৌথ সহযোগত দেৰগাঁৱৰ চিকাৰী ঘাট অঞ্চলৰ বানপীড়িত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত পাঠ্যপুথি বিতৰণ কৰে৷

সংগঠনটোৰ এটি সজাতি দলে বানপীড়িত অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে প্ৰায় ১৫০ জন ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথি বিতৰণ কৰে৷