
নগাঁওঃ নগাঁৱৰ খুটিকটীয়া নিৱাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা কবি, সুলেখক গুণধৰ নাথৰ প্ৰথমখন কাব্য সংকলন 'অপেক্ষা' যোৱা ২৩ ডিচেম্বৰত উন্মোচন কৰা হয়৷ অন্যতম আগশাৰীৰ গ্ৰন্থ প্ৰকাশক বিন্দু প্ৰকাশন গোষ্ঠীৰ গুৱাহাটী মহানগৰৰ শিলপুখুৰীস্থিত বিন্দু স্মাৰ্ট কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত কাব্য সংকলনখন উন্মোচন কৰে বিশিষ্ট লেখিকা তথা সমাজ সেৱিকা মৃণালিনী দেৱীয়ে৷
সভাত আমন্ত্ৰিত অতিথি হিচাপে সু-লেখিকা তথা কে বি গাৰ্লচ কলেজৰ অধ্যাপিকা ড০ পাৰুল চৌধুৰী, বিন্দু আলোচনীৰ সম্পাদক, লেখিকা মালবিকা চৌধুৰী, বিশিষ্ট কবি-সাহিত্যিক প্ৰদীপ ভূঞা, দেৱৰাজ কলিতা, বিশিষ্ট নিবন্ধকাৰ উৎপল পাটোৱাৰী, শিল্পীৰ দাপোনৰ সম্পাদক দিগন্ত চৌধুৰী, বিন্দু স্মাৰ্টৰ সভাপতি গোলঞ্চ বৰুৱাকে ধৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকি চমু বক্তব্য আগবঢ়ায়৷
উল্লেখ্য, শিক্ষকতাৰ সমান্তৰালকৈ কাব্য তথা সাহিত্য চৰ্চাত একাত্মভাবে মনোনিবেশ কৰি অহা গুণধৰ নাথৰ বহুসংখ্যক কবিতা,গল্প,প্ৰবন্ধ তথা তত্ত্বগধূৰ লেখা ইতিমধ্যে বাতৰি কাকত,আলোচনী আদিত প্ৰকাশ পাইছে ৷বৰ্তমান চাকৰিৰ পৰা অৱসৰ গ্ৰহন কৰাৰে পৰা পূৰ্বতকৈ গভীৰভাবে কাব্য আৰু সাহিত্য চৰ্চাত লাগি থকা এই লেখকগৰাকীৰ এই নতুন কাব্য সংকলন 'অপেক্ষা'ত শতাধিক উন্নতমানৰ কবিতা সন্নিবিষ্ট কৰা হৈছে৷