নলবাৰীঃ শব্দৰ যিদৰে মৃত্যু নাই। শব্দ সাধনা কৰা লোকৰো মৃত্যু নাই। শব্দৰ অৰ্থৰহে পৰিবৰ্তন ঘটে। এই মন্তব্য সাহিত্যাচাৰ্য ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ। দেওবাৰে নলবাৰী শান্তিপূৰৰ লখিমী শাখা সাহিত্য সভাৰ উদ্যোগত নলবাৰী লিটিল ফ্লাৱাছ স্কুল প্ৰাংগনত আয়োজিত গ্ৰন্থ উন্মোচনী সভাত কৃতী শিক্ষক, সাহিত্যসেৱী অনিল কুমাৰ ভট্টাচাৰ্যৰ 'ভিন্ন সময় বিভিন্ন 'শীৰ্ষক গদ্য সংকলনটো উন্মোচন কৰি দিয়া ভাষন প্ৰসংগত ডঃ ভট্টাচাৰ্যই এইদৰে কয়। তেওঁ আৰু কয় যে ছাত্ৰ গ্ৰন্থৰ মহিমা অপাৰ।

গ্ৰন্থ ই মানুহৰ মহত্ত্ব আৰু বিশালতাৰ সন্ধান দিয়ে। লখিমী সাহিত্য সভাৰ সভাপতি বিভা বুজৰবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখন উদ্বোধন কৰে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমন্ত দত্তই । সভাত বিশেষ ভাষন প্ৰসংগত নলবাৰী জিলা প্ৰেছ ক্লাৱৰ সভাপতি তথা সাংবাদিক কমলেশ শৰ্মাই গ্ৰন্থ শব্দটো পৃথিৱীৰ অন্যতম ঐতিহ্য সম্পন্ন মহান শব্দ বুলি দোহাৰি গ্ৰন্থ মানুহৰ জীৱনৰ পৰম বন্ধু, সঠিক উপদেশদাতা আৰু নিসংগতাৰ সংগী বুলি কয়।

নাট্যকাৰ, সাংবাদিক, কৃতী শিক্ষক, লখিমী সাহিত্য সভাৰ সম্পাদক ধ্ৰুৱজ্যোতি শৰ্মাই আতঁ ধৰা সভাত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱা, সাহিত্যসেৱী সুশীল কুমাৰ গোস্বামীও ভাষন ৰাখে। সভাত জিলা সাহিত্য সভাৰ উপ-সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ গোবিন্দ কলিতা, গ্ৰন্থকাৰ অনিল কুমাৰ ভট্টাচাৰ্য, নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰধান সম্পাদক ৰমেন কলিতাই অতিথি হিচাপে উপস্থিত থাকে।