06
Apr
2019

বৰনৰ্দ্দীঃ গুৱাহাটী ৰূক্মিনী নগৰ নিবাসী বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তি ৰাজেন্দ্ৰ নাথ কলিতাৰ শুকুৰবাৰে দুপৰীয়া গুৱাহাটীৰ এʼপল হাস্পতালত পৰলোক প্ৰাপ্তি ঘটে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৪ বছৰ। আনহাতে, নলবাৰী জিলাৰ ভালুকী গাঁওত জন্ম গ্ৰহণ কৰা স্বল্পভাষী কলিতাই জলসম্পদ বিভাগৰপৰা সহঃ অভিযন্তা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। মৃত্যুৰ সময়ত সহধৰ্মিনী, এগৰাকী পুত্ৰ-বোৱাৰী, দুগৰাকী জিয়ৰীৰ লগতে নাতি-নাতিনী আৰু অনেক গুণমুগ্ধ ইহ সংসাৰত এৰি থৈ যায়।