31
Mar
2019

বৰনৰ্দ্দীঃ দেওবাৰে দুপৰীয়া ১২ মান বজাত নলবাৰী জিলাৰ ওপৰেৰে পাৰ হৈ যোৱা ধুমুহা-বৰষুণ জাকৰ ফলত জিলাখনৰ বিভিন্ন ঠাইত কম বেছি পৰিমানে ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে।
ঠায়ে ঠায়ে গছ উভালি পৰি বিদ্যুত সংযোগ ব্যহত হয়। কেইবাটাও ঘৰ আৰু টিনৰ চালি ধুমুহা জাকে উৰুৱাই নিয়ে।
আনহাতে কৃষকসকলে নতুনকৈ বীজ সিঁচা জিকা, ভেন্দী, কোমোৰা তিয়ঁহ আদিৰ পুলিবোৰো ধুমুহা জাকে উভালি চুচুৰ্মৈ কৰি থৈ যায়।
বৰষুণ জাকৰ সময়ত চকু চাট মাৰি ধৰা বিজুলীৰ লগতে আকাশ কলীয়া মেঘে আবৰি ধৰি অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি কৰে।