বৰনদ্দীঃ নলবাৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান তথা অসম শৈক্ষিক আৰু সংস্কৃতিক সমিতিৰদ্বাৰা প্ৰতিষ্ঠিত অসম একাডেমী নলবাৰীৰ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।

কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে বিদ্যালয়ৰ সভাপতি অনুকূল শৰ্মাই। তাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে সংকল্প পাঠ কৰে। বিদ্যালয়ৰ অধ্যক্ষ ৰমানাথ বৰুৱাৰ সভাপতিত্বত মুকলি সভাখন অনুষ্ঠিত হয়।

এটি আৰম্ভনি গীতেৰে আৰম্ভ হোৱা সভাখনত নিমন্ত্ৰিত অতিথি হিচাপে উপষ্ঠিত থাকে অনুকূল শৰ্মাই। সভাত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলে গীত-মাতৰ লগতে বিভিন্ন বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানৰ লগতে নবাগতসকলৰ লগতে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰা হয়।