
বৰপথাৰঃ ধনশিৰি মহকুমাৰ ইটাভাটাত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য আৰু শ্ৰমিক আইন উলংঘা কৰা পৰিলক্ষিত হৈছে ইটাভাটাৰ মালিকৰ৷
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ প্ৰেমহৰাত বাংকা শ্বাহনী নামৰ ব্যৱসায়ীজনে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু শ্ৰমিক আইন ভংগ কৰি চলাইছে ইটাভাটা৷ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ইটাভাটাৰ চিমনিৰ উচ্চতা ন্যুনতম ১০০ (এশ) ফুট দৈঘ্যৰ আৰু চিংগল চিমনি হ’ব লাগে যদিও বাংকা শ্বাহনী নামৰ ভাটাৰ মালিকজনে তাতকৈ বহু কম উচ্চতাৰ আলকাতাৰাৰ ড্ৰাম কাটি তৈয়াৰ কৰা দ্বৈত চিমনি ব্যৱহাৰ কৰিয়ে ইটাভাটা চলাই আছে৷
ফলত জনবসতিপূৰ্ণ অঞ্চলটোত ব্যাপক প্ৰদূষণৰ সৃষ্টি কৰিছে৷ আনহাতে, শ্ৰমিক আইন অনুসৰি শিশু শ্ৰমিকক কাম কৰোৱাটো আইন বিৰুদ্ধ৷ কিন্তু এই ইটাভাটাৰ মালিকে শিশু শ্ৰমিককো নিয়োগ কৰিছে ইটা নিৰ্মাণ কাৰ্যত৷
তাৰোপৰি ভাটাত কৰ্মৰত শ্ৰমিকসকলৰ বীমাও কৰা নাই ভাটাৰ মালিকে৷ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা আৰু শ্ৰমিক আইন উলংঘা কৰি বাংকা শ্বাহনীয়ে কাৰ আৰ্শীবাদত ইটাভাটা চলাইছে বুলি প্ৰশ্ন উত্থাপিত হৈছে৷
আজিলৈকে গোলাঘাট জিলা আৰু ধনশিৰি মহকুমা প্ৰশাসনে বি বি আই নামৰ বাংকা শ্বাহানী মালিকানাধীন ইটাভাটাটোৰ ক্ষেত্ৰত কোনো ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই ইয়াক লৈ সন্দেহ ঘণীভূত হৈছে সমগ্ৰ অঞ্চলটোত৷
ভিডিঅ'টো চাওকঃ