23
May
2019

বৰপেটাৰোডঃ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ ঘোষিত ফলাফলত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কোত সমগ্ৰ দেশতে বিজেপি নেতা-কৰ্মীসকল আনন্দ-উল্লাসত মতলীয়া হৈ পৰিছে।
ঠিক একেদৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ গৃহ সমষ্টি বৰপেটাৰোড চহৰতো আজি বিজেপিৰ নেতা-কৰ্মী আনন্দত আত্মহাৰা হৈ বিজেপিৰ নেতা-কৰ্মীৰ লগতে সমৰ্থকে ফটকা ফুটায় আৰু মুখত গেৰুৱা ৰং লগাই দিপাৱালী তথা ফাকুৱা সদৃশ আৱতৰীয়া পৰিৱেশেৰে চহৰখনৰ মাজমজিয়াদি এক বিশাল বিজয় শোভাযাত্ৰা উলিয়ায়।
বৰপেটা জিলা বিজেপিৰ উদ্যোগত ওলোৱা উক্ত বিজয় উৎসৱত ১০ হাজাৰোধিক বিজেপিৰ নেতা তথা সমৰ্থকে অংশ লয়।