
বৰপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত যোৱা দেওবাৰে ধনশিৰি মহকুমাৰ অন্তৰ্গত চুঙাজনৰ আমগুৰি খেলপথাৰ প্ৰাংঙ্গনত সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাই জাতিধংসী বিধেয়কখনৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদেশ্যেৰে এখনি গাঁওসভা অনুস্থিত কৰে।
সভাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন, গোলাঘাট জিলা ছাত্ৰ-সন্থাৰ সভাপতি নিৰঞ্জন সোনোৱাল, ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সাঃ সম্পাদক সুভাষ শইকীয়া, সহঃ সম্পাদক ৰঞ্জিত বৰাকে প্ৰমুখ্য কৰি স্থানীয় কেইবাখন গাৱৰ গাঁওবুঢ়াৰ লগতে কেইবা শতাধিক স্থানীয় ৰাইজৰ উপস্থিতিত সভাখন অনুস্থিত হয়।
আনহাতে, ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাইও যোৱা ইং ২৫ জানুৱাৰী তাৰিখে বৰপথাৰ আঞ্চলিক ছাত্র সন্থাৰ অন্তর্গত প্ৰেমহৰা শাখা গোট ছাত্র সন্থাৰ উদ্যোগত প্ৰথমখন গাঁওসভা অনুস্থিত কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গাঁওৰ ৰাইজক সজাগ কৰাৰ উদেশ্যে ছাত্র সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপক স্থানীয় ৰাইজৰ লগতে সচেতন নাগৰিক সমাজে আদৰণি জনাইছে। কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল নকৰা পৰ্যন্ত ছাত্র সংগঠনটোৱে পৰৱৰ্তী সময়ত গাঁৱে গাঁৱে সভা সমিতি অনুস্থিত কৰি যাব বুলি ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুভাষ শইকীয়াই জানিবলৈ দিয়ে।