কাজলগাঁওঃ চিৰাং জিলাৰ বেংতলত মাছ ধৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এজন ছাত্ৰই৷ বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা বেংতল ডনবক্স উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ইলকিয়াছ নাৰ্জাৰী নামৰ ছাত্ৰজন নিৰুদ্দেশ হৈ আছিল।

প্ৰাপ্ত বাতৰি মতে, বেংতল কুমগুৰি নিৱাসী মাৰ্শ্বেল নাৰ্জাৰীৰ ১১ বছৰীয়া পুত্ৰ ইলকিয়াছে মাকৰ সৈতে ভজগিৰি নৈত মাছ ধৰিবলৈ গৈছিল৷ মাকে মাছ ধৰি থাকোতেই ইলকিয়াছ নিৰুদ্দেশ হয়৷

ততাতৈয়াকৈ মাতৃয়ে গাঁওবাসীক খবৰ দিয়ে৷ গাঁওখনৰ লোকসকলে ছাত্ৰজন পানীত উটি যোৱাৰ সন্দেহ কৰি বিচাৰ খোচাৰ কৰে৷

কেইবাঘন্টা ধৰি স্থানীয় ৰাইজে গভীৰ পানীত নামি  বিচৰাৰ অন্তত নিশা ছাত্ৰজনৰ মৃতদেহ নৈখনৰ পৰা উদ্ধাৰ হয়৷ বেংতল ডনবক্স উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ইলকিয়াছৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।