27
Aug
2017

তেজপুৰঃ তেজপুৰৰ মাজ নিকামুল অঞ্চলৰ এজন যুৱক ২৬ আগষ্টৰ পৰা সন্ধানহীন হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
তেজপুৰ নিকামুলৰ নিবাসী পৱিত্ৰ কুমাৰ শেনচোৱাৰ পুত্ৰ ৩১ বছৰীয়া উৎপল কুমাৰ শেনচোৱাই ২৬ আগষ্টত পুৱা প্ৰাতঃভ্ৰমণ কৰিবলৈ ওলাই যোৱাৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হয়।
পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰি কোনো সম্ভেদ নপোৱাত পৰিয়ালবৰ্গই তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷
মহাভৈৰৱ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত অপহৰণৰ ৪৫৮ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত যুৱকজনৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই৷