ধনশিৰিঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাট ৰজাপুখুৰী অঞ্চলত এটা ইটা ভাটাৰ বাবে ৰাইজ সমস্যাত পৰিছে৷ ধোৱাৰ প্ৰকোপত মানুহ ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে ইটাভাটাৰ বাবে৷ বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ কৰি ৰাইজ আতংকিত হৈ পৰিছে৷ তথাপিও কানসাৰ নাই প্ৰশাসনৰ৷ অহৰহ নিৰ্গত হৈ থকা ধোৱাই বৃহৎ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোকক ৰোগীয়া কৰিবলৈ ওলোৱাৰ পিছতো নিমাত প্ৰশাসন৷

স্বাস্থ্য, জীৱ-জন্তু, কৃষি পথাৰ আদিৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ আশংকাত দিন পাৰ কৰিছে ৰাইজে৷ আনহাতে ৰাইজে ইটাভাটাৰ পৰা ওলোৱা ধোৱা তথা প্ৰদূষণৰ বাবে হাওফাওঁৰ ৰোগ, চৰ্মৰোগ, চকুৰ ৰোগ, চুলি সৰা, ডিঙিৰ ৰোগ হোৱাৰ আশংকা কৰিছে৷ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাট ৰজাপুখুৰী অঞ্চলৰ লোকে প্ৰদূষণৰ ভয়ত দিন পাৰ কৰিছে৷ ধনশিৰি মহকুমাৰ উৰিয়ামঘাট ৰজাপুখুৰী দিলজানত জনৈক বাংকাৰ মালিকাধীন ইটা ভাটাই পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইটা ভাটাটোৰ পৰা ওলোৱা ধোঁৱাই জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন হৈছে৷ কৃষি ভূমিত গঢ়ি উঠা ইটা ভাটাটোৱে কৃষি ভূমিৰ উৰ্বৰতা গুণ হ্ৰাস কৰাৰ প্ৰচুৰ সাম্ভাৱনা দেখা গৈছে। ভাটাটোৰ কাষতে বিদ্যালয় তথা জনাঞ্চল থকাৰ পিছতো বায়ু প্ৰদূষণ কৰা ইটা স্থাপন কৰাৰ অনুমতি কেনেকৈ পালে তাক লৈ উত্থাপন হৈছে প্ৰশ্ন৷ প্ৰশাসনে আজি পৰ্যন্ত ব্যৱস্থা গ্ৰহন নকৰাত বিভিন্ন প্ৰশ্ন উদয় হৈছে৷

আনহাতে ভাটাটোৰ ধোঁৱা ওলোৱা চিমনী জোখতকৈ চাপৰ হোৱাত অঞ্চলটোত বহু পৰিমানৰ ধোঁৱা সৃষ্টি কৰি প্ৰদূষণে আৱৰি ৰাখিছে অঞ্চলটোক। তথাপিও প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। সম্পূৰ্ণ ভাৱে কৃষি ভূমিত স্থাপন কৰা, প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নীতি-নিৰ্দেশনা উলংঘা কৰা, জনাঞ্চলত স্থাপন কৰা ভাটাটোৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে স্থানীয় ৰাইজে৷ অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে ৰাইজে৷